November 21, 2024

জলাহ দিৱস ২ ফেব্ৰুৱাৰী | Jolah Divas 2nd February

স্থায়ীভাৱে হওক বা বতৰভিত্তিকভাৱে পানীৰে আৱৰা একোটা অঞ্চলক জলাহ বুলি কোৱা হয়। জলাহসমূহৰ মানৱ জাতিৰ বাবে এক অপৰিসীম ভূমিকা আছে। এনে জলাশয়সমূহৰ ওপৰত ভিত্তি কৰিয়েই মানৱ জাতিয়ে খেতি-বাতি কৰি জীৱন-নিৰ্বাহৰ পথ মুকলি কৰে। কিন্তু কালৰ কুটিল গতিত ক্রমবৰ্দ্ধিত জনসংখ্যা, ঔদ্যোগীকৰণ, বনাঞ্চল হ্ৰাস আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই জলাশয়সমূহ বৰ্তমান এক অস্তিত্বৰ সংকটত পৰা পৰিলক্ষিত হৈছে। পানীয়ে প্ৰাণ। পানীৰ অভাৱে মানৱ জাতিৰ কি দুর্দশা হ’ব তাক এবাৰো ভাবি চোৱা নাই। জলাশয়সমূহৰ পৰিৱেশসমূহ বিঘ্নিত কৰিছে, মানুহে খেতি-বাতি কৰাৰ কাৰণে জলাশয়সমূহ দখল কৰি ইয়াৰ আয়তন সংকুচিত কৰিছে। পৰিৱেশ তন্ত্ৰৰ ওপৰত জলাশয়সমূহৰ অনেক ভূমিকা আছে, মূলত পানীৰ বিশুদ্ধিকৰণ, বান নিয়ন্ত্ৰণ আৰু উপকূলীয় সুস্থিৰতাৰ ক্ষেত্ৰত সকলো পৰিৱেশ তন্ত্ৰৰ ভিতৰত জলাহসমূহক জৈৱিকভাৱে আটাইতকৈ বিচিত্ৰ হিচাপে অভিহিত কৰা হ’ল। জলাশয়সমূহত বিচিত্ৰ প্ৰাণী আৰু উদ্ভিদ হৈ পৰে আৱাস। বিশ্বৰ বৃহত্তম জলাহৰ ভিতৰত কেইটামান উল্লেখিত হৈছে— আমাজান নদী উপত্যকা, পশ্চিম ছাইব্ৰেৰীয়া সমতল আৰু পাণ্টালান।

মানৱ জাতিৰ বাবে জলাহভূমিৰ গুৰুত্বপূৰ্ণ দিশকেইটা উল্লেখ কৰিব পাৰি যে— জলাহ অঞ্চলে জনসমস্যা হ্ৰাস কৰিব পাৰে, পানীৰ পৰা প্ৰদূষকবোৰ দূৰ কৰিব পাৰে, ভূ-জলৰ ভাণ্ডাৰ সমৃদ্ধিশালী কৰিব পাৰে, উপকূলীয় ৰোখাক সুৰক্ষিত কৰে, বন্যপ্ৰাণীৰ বাবে আৱাস হিচাপে কাম কৰে

আৰু সৰ্বোপৰি ই বিনোদন আৰু সাংস্কৃতিক দিশতো সেৱা আগবঢ়াব পাৰে। জলাহ অঞ্চলৰ গুৰুত্ব উপলব্ধি কৰি ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰীত ইৰাণৰ কাস্পিয়ান সাগৰৰ ৰামছাৰ নামৰ মহানগৰখনত এখন সন্মিলন অনুষ্ঠিত হৈছিল। ৰামছাৰ সন্মিলন নামেৰে জনাজাত এই সন্মিলনখন অনুষ্ঠিত হোৱা দিনটোতে জলাহ দিৱস উদ্যাপন কৰা হয়। প্রায় ১৬০ খন দেশে জলাহ অঞ্চলৰ সুৰক্ষাৰ বাবে চুক্তিত স্বাক্ষৰ কৰে আৰু এই চুক্তিয়ে জলাহ আৰু ইয়াৰ সম্পদসমূহৰ সংৰক্ষণ আৰু উচিত ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মূল পৰিকাঠামো হিচাপে কাম কৰি আহিছে। বিশ্ব জলাহ দিৱস উদযাপনৰ আৰম্ভণি হয় ১৯৯৭ চনৰপৰা ৰামছাৰ সন্মিলনত অংশ লোৱা ৰাষ্ট্ৰসমূহে প্ৰস্তুত কৰি উলিওৱা চুক্তি স্বাক্ষৰ কৰিছিল ২ ফেব্ৰুৱাৰীত। ইৰাণৰ পৰিৱেশ বিভাগৰ তৎপৰতাত হোৱা চুক্তিখন কাৰ্যকৰী হয় ১৯৭৫ চনৰ ২১ ডিচেম্বৰত। আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব থকা জলাহ অঞ্চলৰ ৰামছাৰ তালিকাখনত ২০০০ৰো অধিক ঠাই অন্তৰ্ভুক্ত হৈছে। ৰামছাৰ চুক্তি এক মাইলৰ খুঁটি। এই চুক্তিৰ প্ৰাথমিক উদ্দেশ্য আছিল আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব থকা জলাহ অঞ্চলবোৰৰ তালিকা প্রস্তুত কৰা আৰু সেইবোৰৰ সুব্যৱহাৰক উৎসাহ দিয়া, যাতে জলাহসমূহ সংৰক্ষণ কৰিব পৰা যায়। ৰামছাৰ চুক্তিয়ে ৫টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে কাম কৰে—বার্ডলাইফ ইণ্টাৰনেচনেল, আই ইউ চি এন, ইণ্টাৰনেচনেল ৱাটাৰ মেনেজমেন্ট ইনষ্টিটিউট, ৱেটলেণ্ডছ ইণ্টাৰনেচনেল আৰু ৱৰ্ল্ড ৱাইড ফাণ্ড ফ’ৰ।

বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰে ভাৰততো দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা, ভূমিৰ ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা ব্যাপক পৰিৱৰ্তন, উন্নয়নমূলক প্রকল্পৰ কাম আৰু জলচ্ছেদৰ অপব্যৱহাৰৰ ফলত ভাৰতত জলাহ অঞ্চলবোৰৰ ব্যাপক অৱক্ষয় ঘটিছে। ঔদ্যেগিক কৃষি আৰু বিভিন্ন নগৰীয়া উন্নয়নমূলক কামকাজৰ বাবে ভাৰতত জলাহ অঞ্চল ক্ৰমাৎ টুটি আহিছে। যাৰ ফলত ক্ৰমশঃ বৃদ্ধি পাইছে বান, প্ৰদূষণ আদিৰ প্ৰভাৱ। তাৰোপৰি মানৱ তথা জীৱকুলৰ বাবে পর্যাপ্ত খোৱাপানী উপলব্ধ কৰোৱাৰ বাবে জলাহসমূহ গুৰুত্বপূৰ্ণ। ভাৰতবৰ্ষ তথা অসমতো ইয়াৰ প্ৰভাৱ পৰিছে। প্ৰকৃতিৰ অন্যান্য সৃষ্টি তথা অনেক বিৰল জলজ উদ্ভিদ তথা প্ৰাণীৰ আৱাসস্থলী অঞ্চল দীপৰ বিল আজি সংকটৰ গৰাহত। ক্রমবৰ্দ্ধিত জনসংখ্যা, নগৰীকৰণ আদিৰ বাবে এই বিলৰ সম্প্ৰতি পূৰ্বৰ গৰিমা বহু ম্লান পৰিছে।

দীপৰ বিল বিভিন্ন প্ৰজাতিৰ চৰাইৰ আৱাসস্থল। প্রতিবছৰে প্ৰায় ৭০বিধ পৰিভ্ৰমী চৰাইৰ এই বিললৈ আগমন ঘটে। এই পৰিভ্ৰমী চৰাইসহ বিলখনত মুঠ ২১৯বিধ চৰাইৰ আৱাসস্থল। গ্রীষ্মকালত এদিনতে প্রায় ১৯,০০০ চৰাইৰ সমাৱেশ হোৱা অভিলেখ আছে এই বিলখনত। সম্প্ৰতি দীপৰ বিলৰ পৰিৱেশতন্ত্ৰৰ প্ৰতি বিভিন্ন কাৰকে ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত — ক্রমবৰ্দ্ধিত জনসংখ্যা, দীপৰ বিলৰ ভূমি বেদখল কৰি আৱাসগৃহ নির্মাণ, উদ্যোগ স্থাপন, বিলৰ সমীপতে ইটাভাতা নির্মাণ আদি বিশেষভাৱে উল্লেখযোগ্য। এইবোৰেও দীপৰ বিলৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি কৰিছে। এইসমূহৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি প্রকৃতিপ্ৰেমী আৰু চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবে প্ৰতি বছৰে ২ ফেব্ৰুৱাৰী দিনটো জলাহ দিৱস হিচাপে পালন কৰিবলৈ লৈছে। আৱাসসমূহ নিৰ্মূল কৰিব পাৰিলেহে দিৱস পালনৰ সার্থকতা আশা কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *