বড়ো জনগোষ্ঠীৰ বাথৌ পূজা অসমৰ প্ৰধান লোক-উৎসৱবোৰৰ ভিতৰত অন্যতম। শিৱ বা বাথৌভক্ত বড়োসকলে বাথৌক যিকোনো সৃষ্টি বা উৎপত্তিৰ মূল হিচাপে গণ্য কৰে। তেওঁলোকে বিশ্বাস কৰে যে পৃথিৱীৰ মূল শাসক-শাসিকা হৈছে বাথৌ বুঢ়া আৰু বাথৌ বুঢ়ী অর্থাৎ হৰগৌৰী। বাথৌ পূজাৰ বাবে ঘৰৰ উত্তৰ-পূব দিশত সিজু গছ ৰোৱা হয়। সিজু গছক বড়ো সমাজে শান্তি-সম্প্রীতি আৰু ৰক্ষণাবেক্ষণৰ প্ৰতীক বুলি ভাবে। সিজু গছৰ চৌপাশে জাতিবাঁহৰ ১৮ যোৰ খুঁটিৰে বেৰি পাঁচযোৰ কামীৰে অলপ ফাঁক ফাঁক ৰাখি বৈ দিয়া হয়। এই পাঁচযোৰ কামীয়ে পঞ্চতত্ত্বৰ অৰ্থ বহন কৰে। বাঁহৰ কামীৰে তৈয়াৰ কৰি লোৱা এই বেদী দৌৰিৰ (পুৰোহিত) সহায়ত শুদ্ধিকৰণ কৰি পূজা-অৰ্চনা কৰা হয়। বাথৌ পূজাত সিজু গছৰ লগতে তুলসী গছো ৰোৱা হয়।
বাথৌ পূজাত শান্তি পানীৰ বাবে সোণ আৰু ৰূপ ব্যৱহাৰ কৰা হয়। অতীজতে এই পূজাত গাহৰি, কুকুৰা, হাঁহ, পাৰ আদি বলি দিয়া হৈছিল যদিও বৰ্তমান বলিপ্ৰথাৰ প্ৰভাৱ হ্রাস পাইছে। বাথৌ পূজাত বেদীৰ চাৰিওফালে দেওধনীয়ে হাতত ঢাল-তৰোৱাল লৈ নৃত্য কৰে। ইয়াক খেৰাই নৃত্য বোলে।
পূৰ্বতে বড়ো জনগোষ্ঠীৰ মাজত খেৰাই পূজা প্রচলিত আছিল। বর্তমান প্রচলিত বাথৌ পূজা এই খেৰাই পূজাৰেই ৰূপান্তৰ। আৰম্ভণিতে বাথৌ পূজা ঘৰৰ মহলত বা মুকলি স্থানত অনুষ্ঠিত হৈছিল। কিন্তু বর্তমান এই পূজা যুগৰ পৰিৱৰ্তন সাপেক্ষে গঢ় লৈ উঠা বাথৌ মন্দিৰত অনুষ্ঠিত হয়। উল্লেখ্য যে বড়ো জনগোষ্ঠীৰ কিছুসংখ্যকে বাথৌ পূজাক বাথৌ ধৰ্মৰূপে মানি চলে।