দৰঙৰ দেউল উৎসৱত বিষ্ণুপূজা, বিষ্ণুৰ হোম, অৰ্চনা-বন্দনাই মূল কথা যদিও দেউলক সাধাৰণতে বসন্ত আৰু ঋতুকালীন উৎসৱৰূপেও মানি অহা হৈছে। দেউল উৎসৱ সৃষ্টিৰ মূলতে আছিল আধ্যাত্মিক চিন্তা। খ্ৰীষ্টীয় দশম-একাদশ শতিকাতে শাস্ত্রজ্ঞ বেদাচাৰ্য ধৰ্মদেৱ ভূঞা নামৰ এগৰাকী সদাচাৰী লোকে দৰঙৰ দেউল উৎসৱৰ পাতনি মেলে বুলি জনা যায়। পূৰ্বাপৰ বৈষ্ণৱ ভাবাদর্শ প্ৰচাৰিত দৰঙত বিষ্ণুপূজাৰ অৰ্চনা-বন্দনা সণ্ঢালনিভাৱে চলিছিল।
দৰঙৰ দেউল কালক্ৰমত লোক উৎসৱলৈ ৰূপান্তৰিত হয়। লৌকিক অনুসাৰে এই উৎসৱক প্ৰজননকৃত উৎসৱৰূপে মান্য কৰি অহা হৈছে।
দৰঙৰ দেউল শব্দৰ উৎপত্তি
দৰঙৰ দেউল সংস্কৃত ‘দেৱদল’ শব্দৰপৰা ‘দেউল’ শব্দটোৰ বিকাশ হৈছে। দেউলৰ ‘ভিঠি’ বা ঢিপটোৰ গাত থাকে সাতোটা খলপ বা থাক। কোনো কোনোৰ মতে, এই সপ্ত খলপ সপ্ত স্বৰ্গৰ প্রতীক। দেউলৰ শীৰ্ষভাগত শিৱলিংগৰ আধাৰশিলাসদৃশ এটা শিল প্ৰতিষ্ঠা কৰা হয়। বাঁহৰ লগত জড়িত কৃত্যৰ পটভূমিত দেউল উৎসৱৰ জন্ম।
দৰঙৰ দেউল উৎযাপনৰ নিয়ম
সেয়ে দেউল ভিঠিৰ চাৰিকোণত চাৰিডাল জাতিবাঁহ গুৰি আৰু আগ নকটাকৈ পুতিব লাগে। দেউল ভিঠিৰ ৪ মিটাৰমান ওপৰত এখন নাগপাশ বাঁহ চাৰিডালত বান্ধি আঁৰি দিয়া হয়। দেউল ভিঠিৰ দক্ষিণফালে নামনিত বিষ্ণুপূজাৰ বাবে ডাঙৰকৈ এটা বেদী নিৰ্মাণ কৰি ইয়াৰ চাৰিকোণত চাৰিটা কলপুলি পোতা হয়। বেদীৰ ওপৰত থাকে চামৰযুক্ত চন্দ্রাতপ। পিঠাগুড়ি, ফাকু, পতান, বেলপাত আদিৰে বেদীত মনোৰমকৈ মণ্ডল দি ঘট, গছা, দীপ, ধূপ-ধুনা আদিৰে শোভিত কৰা হয়। দেউল ভিঠিৰ সোঁমাজতে দুয়োফালে মৎস্যসহ দুটা মগৰ সংযুক্ত এখন সিংহাসন প্রতিষ্ঠা কৰা হয়। পূজাৰ সময় হোৱাৰ লগে লগে পুৰোহিতে সিংহাসনখন মূৰত লৈ দেউল ভিঠিৰ প্ৰতিটো থাকত সাতবাৰকৈ মুঠতে কুৰিবাৰ প্ৰদক্ষিণ কৰি দেউলৰ শীর্ষভাগত উপনীত হয়।
দেউলৰ চূড়ান্ত স্থানলৈ গৈ বিষ্ণু বিগ্রহক যথা নিয়মে সিংহাসনত প্রতিষ্ঠা কৰি সিংহাসনখন মূৰত লৈ পুনৰ পূজাৰীজন পূজাস্থলীলৈ নামি আহে আৰু নামনিত থকা বেদীটোত সিংহাসনখন প্রতিষ্ঠা কৰি বিধিমতে পূজা আৰম্ভ কৰে
দেউলৰ শেষত গধূলি সেই একে নিয়মেৰে সৈতে বিষ্ণুমূৰ্তি মন্দিৰলৈ নিয়া হয়। অধিবাসৰ ৰাতি আৰু দেউলৰ দিনা গোটেই দিনটো বিয়াহ ওজাপালি উঠে। অঞ্চল-বিশেষে নাম-কীৰ্তন নাইবা খুলীয়া ভাৱৰীয়া উঠে। পূজাৰ সময়ত আৰু পূজাৰ শেষত হাতত ফুল-তুলসী লৈ দেউলৰ খলপে খলপে ঘূৰি বেদীত ফুল-তুলসী উছৰ্গা কৰা পৰম্পৰা আছে।
ৰাতিপুৱাৰেপৰা দেউল পূজা আৰম্ভ হয়। দেউল ভিঠিৰ ওচৰতে একোখন মেলা বহে। এই মেলাই লোক-সমাজত উমৈহতীয়া বজাৰৰ ভূমিকা গ্ৰহণ কৰে। দেউল উৎসৱ গোটেই ব’হাগ মাহ জুৰি অনুষ্ঠিত হয়। জনশ্রুতিমতে, দৰঙী ৰজাসকলে ব’হাগ মাহৰ বিভিন্ন দিনত কোন কোন স্থানত দেউল অনুষ্ঠিত হ’ব তাক সুনির্দিষ্ট কৰি দিছিল। বৰ্তমান তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া দেউলৰ বাহিৰেও নতুন নতুন দেউলৰ সৃষ্টি হৈছে। সেইবাবে ব’হাগ মাহৰ কোনো কোনো দিনত ৩ বা ৪টা দেউল উদ্যাপিত হোৱা দেখা যায়।
দৰঙৰ দেউল সম্পৰ্কে লোকবিশ্বাস
দৰঙৰ দেউলবিভিন্ন স্থানত অনুষ্ঠিত দেউল উৎসৱক কেন্দ্ৰ কৰি বিভিন্ন জনশ্রুতি গঢ়ি উঠিছে। উদাহৰণস্বৰূপে, ছয় ব’হাগত অনুষ্ঠিত বিহুভাঙাৰ দেউলৰ দিনা বতাহ-বৰষুণ-শিলাবৃষ্টি হ’বই। আঠ ব’হাগত অনুষ্ঠিত খটৰাৰ দেউলৰ দিনা আবেলি বতাহ-বৰষুণ হয়।
অসমৰ বিভিন্ন উৎসৱ-অনুষ্ঠানৰ বুৰঞ্জীত দৰঙৰ দেউল উৎসৱৰ এখন সুকীয়া আসন আছে। ধর্মীয় বিশ্বাসৰ লগতে সামাজিক, সাংস্কৃতিক আদি ক্ষেত্ৰতো উৎকর্ষ সাধন কৰিছে দৰঙৰ দেউল উৎসৱে। এই অঞ্চলৰ লোকসকলে দেউল পূজা কৰা আৰু দৰ্শন কৰা দুয়োটিকে পৱিত্ৰ হিচাপে গণ্য কৰে।