October 18, 2024

Fakuwa or Dowlo Festival in Assamese | ফাকুৱা বা দৌলােৎসৱ

Fakuwa or Dowlo Festival in Assamese

ফাঁকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। দৌলাৎসৱ বা ফাকুৱা হ’ল হিন্দু ধর্মাৱলম্বী লােকসকলৰ মাজত প্রচলিত এক আনন্দোৎসৱ। ভাৰতীয় দিনপঞ্জী অনুসৰি ফাগুন মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বসন্ত ঋতুৰ আগমনৰ সময়ত উদ্যাপিত হােৱাৰ বাবে ফাকুৱা বা দৌলাৎসৱক ‘বসন্তোৎসৱ বুলিও কোৱা হয়। এই বসন্তোৎসৱেই ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত ফর্ৎসৱ, মদনােৎসৱ আদি নামেৰে জনাজাত। ধর্মীয় শাস্ত্রমতে, দৌলােৎসৱ বা ফাকুৱা উৎসৱৰ আৰম্ভণি হৈছিল বৈকুণ্ঠত। শ্রীকৃষ্ণক গােপ-গােপীসকলে দোলনত তুলি নৃত্য-গীতেৰে মুখৰিত কৰি ফাকুগুড়ি ছটিয়াই আনন্দ উৎসৱ কৰিছিল।

Fakuwa or Dowlo Festival in Assamese
Fakuwa or Dowlo Festival in Assamese
অন্য নামদৌলযাত্ৰা, দৌলপূৰ্ণিমা, বসন্তোৎসৱ, হোলী, ফল্গুৎসৱ
পালন কৰেভাৰতীয় (হিন্দু, শিখ, বৌদ্ধ, জৈন) আৰু নেপালী
প্ৰকাৰহিন্দু
আৰম্ভ হয়ফাগুনী পূৰ্ণিমা
তাৰিখফাগুন (ফেব্ৰুৱাৰী-মাৰ্চ)
উদযাপন৩ – ১৬ দিন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একৈছ বছৰ বয়সত বৰদোৱাত দৌল উৎসৱৰ শুভাৰম্ভ কৰি ৰাইজক হৰিভক্তি ৰসত আপ্লুত কৰি তুলিছিল। বৈকুণ্ঠৰ দৌললাৎসৱৰ আদৰ্শৰে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে অসমৰ থান-সত্ৰসমূহত এই উৎসৱ পালন কৰি অহা হয়। এনেদৰেই বৰপেটা, বৰদোৱা, সুন্দৰীদিয়া, পাটবাউসী, গণককুছি, কমলাবাৰী, গড়মূৰ আদি সত্ৰত দৌলােৎসৱ পালন কৰি আহিছে।

বৰপেটাৰ বৰধামৰ দৌল উৎসৱ অসম বিখ্যাত। বৰপেটা সত্ৰৰ প্রথমজনা সত্ৰাধিকাৰ মথুৰাদাস আতাই ইয়াত দৌলােৎসৱৰ পাতনি মেলিছিল। তেতিয়াৰেপৰা এই সত্ৰত আকর্ষণীয়ভাৱে দৌলােৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া অথবা পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়। প্রথমৰ দিনাখন গন্ধযাত্রা, পাছৰ কেইদিন ভৰদৌল আৰু শেষৰ দিনাখন সুৱেৰী অথবা ফাকুৱা।

দৌললাৎসৱৰ বাবে বৰপেটা বৰধামত ভেলাঘৰ নিৰ্মাণ কৰাৰ উপৰি গােসাঁই প্রতিষ্ঠাৰ বাবে দল (মাটিৰ সিংহাসন) সাজি উলিওৱা হয়। কীর্তনঘৰৰ গােসাঁইমূর্তিক ভেলাঘৰৰ চৌদিশে বা পৱিত্র অগ্নিৰ চৌদিশে প্রদক্ষিণ কৰােৱাই দ’লত প্রতিষ্ঠা কৰাৰ পাছতেই ভক্তসকলে গােসাঁইক পূজা-অর্চনা কৰে। দৌললাৎসৱৰ প্রথমদিনা গােসাঁইক বাহিৰ উলিওৱাৰপৰা শেষৰদিনা গােসাঁইক ভিতৰত সুমুৱালৈকে গােটেইকেইদিন গীত, নৃত্য, বাদ্য, ৰং, ফটকা আদিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

বৰপেটাৰ দৌলােৎসৱত হােলিগীত গােৱা পৰম্পৰা অতি আকর্ষণীয়। অতীজতে দৌললাৎসৱৰ লগত সংগতি ৰাখি কিছুমান বৰগীতৰ লগতে ‘কীৰ্ত্তন’, ‘নামঘােষা’ আদিৰপৰা ঘােষাপদ চয়ন কৰি আনি হােলিগীতৰূপে গােৱা হৈছিল। বর্তমানেও এই উৎসৱ উপলক্ষে বৰপেটা সত্ৰত পৰম্পৰাগত ৰীতি অনুসৰি বৈষ্ণৱ গীত-পদ পৰিৱেশন কৰা হয়। এনে গীতৰ বেছিভাগেই শ্ৰীকৃষ্ণৰ প্রেমলীলা প্রকাশ কৰি ৰচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *