অসমৰ স্বাধীনতা সংগ্ৰামী পিয়লি বৰুৱা-বাহাদুৰ গাঁওবুঢ়া
গােলাঘাটৰ ওচৰৰ দিহাপাৰ মৌজাৰ মৌজাদাৰ ৰাম শৰ্মাৰ পুত্র পিয়লি বৰুৱাৰ প্রকৃত নাম আছিল মহেশ চন্দ্র গাভৰুমেলীয়া বৰুৱা। আহােম ৰাজত্বৰ বেলি মানৰ সময়ৰ সেই দুর্দিনত অসমক স্বাধীন কৰি হৃত সন্মান ঘূৰাই অনাৰ সপােন দেখা পিয়লি আছিল মণিৰাম দেৱানৰ সোঁ হাত। মান সকলক খেদিবলৈ আহি গােজেই গোঁজালি হােৱা ইংৰাজক উৎখাত কৰি অসমৰ ৰাজ সিংহাসনত পুনৰ আহােম ৰজাক বহুৱাবলৈ দৃঢ় সংকল্প কৰিছিল পিয়লিয়ে। গােলাঘাটৰ ছাউনীত থকা ভাৰতীয় চিপাহীসকলৰ ওচৰলৈ গৈ পিয়লিয়ে তেওঁলােকৰ মনত জাতীয়তাবােধ জগাই তুলিবলৈ চেষ্টা কৰিছিল আৰু ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিবলৈ উৎসাহ যােগাইছিল।
জন্ম | পিয়লি বৰুৱা অসম |
---|---|
মৃত্যু | ২৬ ফেব্ৰুৱাৰী ১৮৫৮ যোৰহাট, অসম |
মৃত্যুৰ কাৰণ | ফাঁচী |
জনা যায় | মুক্তি যুঁজাৰু |
অপৰাধৰ শাস্তি | ফাঁচী |
বাহাদুৰ গাঁওবুঢ়া | |
---|---|
জন্ম | শ্বেইখ বাহদিল ১৮১৯ যোৰহাট |
মৃত্যু | ১৮৯১ দফলাটিং, তিতাবৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জনা যায় | ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ |
ইতিমধ্যে ১৮৫২ চনত অসমলৈ অহা এ.জে.এম.মফট মিলচৰ হাতত মণিৰাম দেৱানে এখন আর্জি দাখিল কৰিছিল, য’ত অসমত ইংৰাজৰ অত্যাচাৰ বন্ধ কৰি পুনৰ আহােম শাসন প্রবর্তন কৰাৰ দাবী জনােৱা হৈছিল। কিন্তু বৃটিছ চৰকাৰে সেই আর্জিক কোনােধৰণৰ গুৰুত্ব নিদিলে। শেষত অসমত চলা ইংৰাজৰ কু শাসনৰ সকলাে কথা জনাই সিংহাসনত কন্দর্পেশ্বৰ সিংহক বহুওৱাৰ দাবী লৈ কলকাতাত থকা বৃটিছৰ উচ্চ পদস্থ বিষয়াক সাক্ষাত কৰিবলৈ ওলাল মণিৰাম দেৱান। কন্দর্পেশ্বৰ সিংহৰ স’তে মণিৰামৰ খবৰলৈ বাট চাই’ল পিয়লি বৰুৱা। মণিৰাম দেৱানে যেতিয়া কলিকতাত উপস্থিত হৈ গম পালে যে ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত ইংৰাজৰ বিৰুদ্ধে (চিপাহী)
বিদ্রোহ আৰম্ভ হৈছে, তেতিয়া তেওঁ অসমতাে তেনে এক কঠোৰ পদক্ষেপ লােৱাৰ পৰিকল্পনা কৰি কন্দর্পেশ্বৰলৈ চিঠি লিখিলে। সেই চিঠি পাই কন্দর্পেশ্বৰ আৰু পিয়লি বৰুৱা অনুপ্রাণিত হ’ল আৰু অসমীয়া ৰাইজক বিপ্লৱৰ বাবে সংগঠিত কৰিলে। পিয়লি বৰুৱাৰ নেতৃত্বত অসমীয়া প্ৰজাই হৃত স্বাধীনতাৰ বাবে মৰণপণ কৰি যুঁজিবলৈ ওলাল। কিন্তু সেই সময়তে মণিৰাম দেৱানৰ এখন চিঠি বৃটিছৰ হাতত পৰিল। সেই চিঠি জব্দ হােৱাৰ লগে লগে মণিৰামক কলিকতাতে গ্রেপ্তাৰ কৰা হ’ল। বিচাৰ চলিল। হলৰইদ চাহাবৰ আদালতে মণিৰাম আৰু পিয়লি বৰুৱাক বিদ্ৰোহৰ বাবে মূল অভিযুক্ত হিচাবে দোষী সাব্যস্ত কৰি ফাঁচীৰ আদেশ দিলে। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰামৰ লগতে পিয়লি বৰুৱাক ফাঁচীকাঠত ওলমােৱা হ’ল।
“ওমেদ তই আজি মােৰ যি দশা কৰিলি, …চাবি তোেৰ ঘৰত এদিন তিতা লাও গজিব।” এইখিনি কথা আছিল বাহাদুৰ গাঁওবুঢ়াৰ। এইসম্পর্কত বিশিষ্ট গৱেষক ইৰফান ছফবীয়ে লিখিছে—“সাতাৱন সালৰ সেইদিনটোত আহােম স্বৰ্গদেৱ কন্দর্পেশ্বৰ সিংহৰ অতি বিশ্বস্ত সভাসদ আখৰ কটা বৰুৱা বাহাদুৰ গাঁওবুঢ়াই ফিৰিঙ্গিহঁতৰ চিপাহীৰ দ্বাৰা আটক হৈ নিজ ঘৰৰ পৰা কাৰাগাৰলৈ যােৱাৰ পথত নিজ পদূলি পাৰ হৈয়েইনিকটবাসী ওমেদ মুন্সীৰ পদূলিমুখত খন্তেক ৰৈ এইদৰে চিঞৰি মুন্সীজনাক অভিশাপ দি গ’ল; কিয়নাে ইংৰাজৰ সাহায্যকাৰী দেশমাতৃৰ বিশ্বাসঘাতক হৰনাথ দাৰােগাৰ মাধ্যমেৰে ওমেদ মুন্সী নামৰ চুবুৰীয়াজনেই সমুদ্র প্রকৃতি, মাতৃভূমিপ্রেমী, আহােম স্বৰ্গদেৱৰ বিপদৰ লগৰী বাহাদুৰ গাঁওবুঢ়াক ধৰাই দিছিল। চিপাহী বিদ্ৰোহৰ সেই সময়ছােৱাত একালৰ প্ৰৱল প্রতাপী ইন্দ্রবংশী আহােম স্বৰ্গদেৱক এজন এজনকৈ প্ৰায়বােৰ প্রভাৱশালী উচ্চ বৰ্গৰ বিষয়া-সভাসদে এৰি যাব ধৰিছিল, সেইসময়ত এমুঠি অসমীয়াৰ হেৰােৱা অস্তিত্ব ঘূৰাই অনাৰ প্ৰয়াসত ইংৰাজ বিৰােধী আন্দোলনত জপিয়াই পৰা স্বাধীনতা সেনানীৰ মাজত আৰু এটা নাম আছিল বাহাদুৰ গাঁওবুঢ়াৰ। ঔপনিৱেশিকতা উচ্ছেদ কৰি এইমাটিৰ সন্তানৰ হাতলৈ নিজ ভূমিৰ ক্ষমতা ঘূৰাইঅনাৰ হেঁপাহেৰে উত্তাল ‘ চিপাহী বিদ্রোহত সমগ্ৰ ভাৰতবাসীৰ স’তে অসমৰ হিন্দু-মুছলমানেও মণিৰাম-পিয়লিৰ ত্যাগৰ আদৰ্শত জঁপিয়াই পৰিছিল ইংৰাজ বিৰােধী আন্দোলনত। এনে এজন ৰণুৱাৰ নামেইআছিল বাহাদুৰ গাঁওবুঢ়া, যি আহােম স্বৰ্গদেৱ কন্দর্পেশ্বৰ সিংহক পুনৰ সিংহাসনত অধিষ্ঠিত কৰােৱাৰ বাবে লােৱা পৰিকল্পনা আৰু প্ৰচেষ্টাৰ বাবেইইংৰাজৰ চকুত জগৰীয়া হৈসুদূৰ আন্দামানৰ কলীয়াপানীলৈ নির্বাসিত হ’বলগা হৈছিল।”
শেখ বাহাদুৰ গাঁওবুঢ়া আছিল বহুতাে গুণৰ অধিকাৰী। এগৰাকী নিপুণ
ৰজাঘৰীয়া শিল্পীৰূপে মর্যাদা লাভ কৰা এইগৰাকী ব্যক্তি আছিল গাঁৱৰ মুখিয়াল, বেজ আৰু বিপ্লৱী। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্রথম বহ্নিশিখা চিপাহী বিদ্রোহত অসমৰ নেতৃত্ব দিয়া মণিৰাম দেৱানৰ বিশ্বস্ত সহযােগী আছিল তেওঁ। তদুপৰি চিপাহী বিদ্ৰোহৰ জুই জ্বলােৱা প্ৰথম অসমীয়া মুছলমান হ’ল বাহাদুৰ গাঁওবুঢ়া। অনুমানিক ১৮১৫ চনৰ পৰা ১৮২০ চনৰ ভিতৰত শেখ বাহাদুৰ (বাহাদিৰ) খান বৰুৱা অর্থাৎ বাহাদুৰ গাঁওবুঢ়াৰ জন্ম হৈছিল (বহুতৰ মতে জন্ম চন ১৮১৯)। এওঁৰ উপৰিপুৰুষ চুবেদাৰ ছেৰখান আছিল লক্ষৌৰ নবাবৰ এগৰাকী সেনাপতি, যিয়ে ১৭৫৩ চনত সংঘটিত হােৱা পানীপথৰ তৃতীয় যুদ্ধত অংশগ্ৰহণ কৰিছিল। এই চুবেদাৰ ছেৰখানৰ পুত্র চুবেদাৰ হুছেইন খাননা এগৰাকী নিপুণ যােদ্ধা আছিল। ১৭৮৮ চনত তেওঁ অসমলৈ আহিছিল আৰু আহােম ৰজাৰ হিলৈধাৰী বিভাগত যােগ দি পাছত তেওঁ হিলৈধাৰী বৰুৱা হৈছিলগৈ। চুবেদাৰ হুছেইন খানৰ পুত্ৰ চুবেদাৰ ৰমজান খানাে আছিল আহােম ৰজাৰ হিলৈধাৰী বৰুৱা। এইজনা হিলৈধাৰী বৰুৱাই মান সেনাৰ বিৰুদ্ধে হােৱা যুদ্ধত মৃত্যুবৰণ কৰিছিল। আনফালে কোৱা হয় যে স্বৰ্গদেৱ ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত পশ্চিম ভাৰতৰ পৰা মুছলমান শিল্পীৰ আঠটা পৰিয়াল অসমলৈ আনি স্থাপন কৰা হয়। তাৰে এটা আছিল আখৰকটীয়া পৰিয়াল। এই পৰিয়ালতে বাহাদুৰ গাঁওবুঢ়াৰ জন্ম। বাহাদুৰ গাঁওবুঢ়াই আহােম ৰাজ পৰিয়ালৰ শিল্পী হিচাপে কাম কৰি সফুৰা, ফণি, পাটী আদি তৈয়াৰ কৰিছিল। আনকি ৰজাৰ মুদ্ৰাত খাজ কটা আৰু মাটিবাৰী সম্পৰ্কীয় তামৰ ফলি লিখাৰ দায়িত্বও পালন কৰিছিল বাহাদুৰ গাঁওবুঢ়াই।
আহােম ৰজাৰ সভাসদ নবাব আমানতুল্লা আছিল রাহাদুৰ গাঁওবুঢ়াৰ শহুৰ। এওঁক আহােম স্বৰ্গদেৱে উপহাৰ দিছিল এগৰাকী আহােম কন্যা। এই আহােম কন্যাৰে সন্তান আছিল বাহাদুৰ গাঁওবুঢ়াৰ পত্নী। বাহাদুৰ গাঁওবুঢ়াৰ ১৪ টা সন্তানৰ ভিতৰত মাথাে দুজন পুত্রহে জীয়াই আছিল। সেই দুজন আছিল মণিৰুদ্দিন আৰু দোস্ত মহম্মদ।
ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা লাহে লাহে আহােম ৰজাৰ হাতত থকা ক্ষমতা ইংৰাজে হস্তগত কৰিলৈ ধৰিলে। চন্দ্রকান্ত সিংহ, পুৰন্দৰ সিংহ আদিৰ পাছত কন্দপেশ্বৰ সিংহ ভঙাৰজা হিচাপে স্বীকৃত হয়। প্রথমছােৱাত আহােম ৰজা বা মধ্যবিত্তসকলে ইংৰাজক বন্ধু বুলিয়েই ভাবিছিল যদিও পাছলৈ তেওঁলােকৰ চকু মেল খালে। মণিৰাম দেৱান হৈ পৰিল এই ইংৰাজ বিদ্বেষীসকলৰ নেতা। ইতিমধ্যে সমগ্ৰ ভাৰতজুৰি ইংৰাজক বহিষ্কাৰ কৰাৰ প্ৰথমটো বিপ্লৱ (চিপাহী বিদ্রোহ) আৰম্ভ হয়। অসমতাে এই বিপ্লৱ সাফল্যমণ্ডিত কৰিবৰ বাবে এচাম স্বাধীনতাপ্রেমী আগবাঢ়ি
আহিল। এইসকলৰ ভিতৰত পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, ফমুদ আলি আৰু বাহাদুৰ গাঁওবুঢ়া অন্যতম। মণিৰামৰ নেতৃত্বত এইসকলে ৰাজকাৰেঙৰ গােপন বৈঠকত বহি ইংৰাজক বহিষ্কাৰ কৰাৰ পৰিকল্পনা তৈয়াৰ কৰে। ইংৰাজৰ বিৰুদ্ধে এক গােপন বৈঠক বহে বাহাদুৰ গাঁওবুঢ়াৰ ঘৰতাে। মাজত একুৰা জুই জ্বলাই সকলাে বহে চাৰিওফালে।… মাথাে আলােচনাই নহয়, এওঁলােকে সাধাৰণ ৰাইজকো গােপনে বুজাব ধৰিলে স্বাধীনতাৰ কথা ।
এসময়ত স্বাধীনতা আন্দোলনৰ বাবে ৰণকৌশল তৈয়াৰৰ কামত এওঁলােকনামি পৰা বুলি ইংৰাজ চোৰাংচোৱাইখবৰ পালে। এই চোৰাংচোৱা আন কোনাে নাছিল, তেওঁ আছিল বাহাদুৰৰ চুবুৰীয়া উমেদমুন্সী। বাহাদুৰ গাঁওবুঢ়া ধৰা পৰিল। ইতিমধ্যে কন্দপেশ্বৰ সিংহ, মণিৰাম দেৱান, পিয়লি বৰুৱা আদিকে ধৰি ইংৰাজে চৰম শাস্তি বিহিলে। ১৮৫৯ চনৰ ন আগষ্টৰ দিনাখন যােৰহাটৰ কাছাৰীত বাহাদুৰ গাঁওবুঢ়াৰ বিচাৰ হয়। বিচাৰক কমিছৰ হলৰইদ চাহাবৰ ৰায়দান অনুসৰি বাহাদুৰৰ সকলাে সম্পত্তি বাজেয়াপ্ত কৰি তেওঁক ক’লীয়াপানীলৈ নির্বাসন দিয়া হল।
ঘৰ-সম্পত্তি সকলােবােৰ বাজেয়াপ্ত কৰাৰ পাছত বাহাদুৰৰ পৰিয়ালৰ লােক ডফলাটিঙলৈ উঠি যায়। ক’লীয়াপানীতাে বাহাদুৰ গাঁওবুঢ়া এনেয়ে বহি নাথাকি বিভিন্ন কাৰুকাৰ্যৰ কাম কৰি থকাৰ উপৰি তাত থকা লােকৰ ওপৰত বেজালি চলাই থাকিল। তেতিয়া তেওঁ এখন কোৰান শুৰিফো লিখিছিল। অৱশ্যে চাৰি বছৰমান ক’লীয়াপানীত থকাৰ পাছত বাহাদুৰৰ পুত্ৰ মণিৰুদ্দিনে কলিকতালৈ গৈ ইংৰাজৰ আদালতত আপিল কৰি বাহাদুৰক ক’লীয়াপানীৰ পৰা মুক্ত কৰি আনে।
বাহাদুৰ গাঁওবুঢ়াই মুক্তি পােৱাৰ দিনটো আছিল ১৮৬৩ চনৰ ২৬ ছেপ্টেম্বৰ। ডফলাটিঙৰ ঘৰলৈ উভতি অহাৰ পাছত বাহাদুৰ গাঁওবুঢ়াই সক্রিয়ভাৱে আন্দোলনৰ কামত নালাগিলেও অসমৰ মুক্তিৰ কথা চিন্তা কৰিছিল। ঘৰত জুই লগা বাবেও বাহাদুৰৰ বহু সা-সম্পত্তি নষ্ট হৈছিল। অৱশ্যে দৰিদ্ৰতা তথা অন্যান্য ঘৰুৱা জঞ্জাল আৰু বয়স বাঢ়ি অহা বাবেই বােধহয় তেওঁ সামাজিক কামত বৰ বেছি সক্রিয় হৈ থাকিব পৰা নাছিল। গ্রহণী ৰােগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা গাঁওবুঢ়াৰ স্মৃতি স্বৰূপে যােৰহাটত থকা পথ, কবৰস্থান, উদ্যান আদিয়ে এই ব্যক্তিজনাৰ দেশপ্ৰেমৰ কথা সোঁৱৰাই থাকিব।
You can read also
- লাচিত-দিৱস
- কুশল কোঁৱৰৰ জীৱনী
- মূলা গাভৰুৰ জীৱনী
- মণিৰাম দেৱান জীৱনী
- Kanaklata Barua and Mukunda Kakoti in Assamese
- গমধৰ-পিয়লি-জীউৰাম-তীৰত সিং
Reference
- Asomar Swadhinata Sangrami by Hemanta Kumar Bharali
- And I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks