Table of Contents
বুঢ়া চাপৰি অভয়াৰণ্য Bura Chapori Wildlife Sanctuary History in Assamese
শােণিতপুৰ জিলাৰ প্রায় ৪৪ বর্গ কিলােমিটাৰ অঞ্চল আগুৰি থকা বুঢ়াচাপৰি অভয়াৰণ্য উলুম’ৰা পক্ষীৰ বাবে বিখ্যাত। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্লাৱনভূমিত অৱস্থিত বুঢ়াচাপৰি অভয়াৰণ্য নগাঁও জিলাৰ লাওখােৱা বন্যপ্রাণী অভয়াৰণ্যৰ গাতে লাগি আছে। ব্রহ্মপুত্রই সৃষ্টি কৰা কেইবাটাও চৰ-চাপৰিও বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ লগত সংলগ্ন হৈ আছে। তদুপৰি অভয়াৰণ্যখনৰ লগত ২০ বর্গ কিলােমিটাৰ অঞ্চল আগুৰি থকা কোচমৰা সংৰক্ষিত বনাঞ্চলাে সংলগ্ন হৈ আছে।
অভয়াৰণ্যখনৰ ভৌগােলিক অৱস্থান ২৬°৩৫ উত্তৰ অক্ষাংশ আৰু ৯২°৪৫ পূর্ব দ্রাঘিমাংশ।
অভয়াৰণ্যখন সংৰক্ষিত বনাঞ্চল হােৱাৰ আগতে গৰু-ম’হৰ চৰণীয়া অঞ্চল আছিল। বুঢ়াচাপৰিক বৃটিছ চৰকাৰে প্রফেশ্যনেল গ্রেজিং ৰিজার্ভ ৰূপে ঘােষণা কৰি ১৯৩৮ চনত গ্রেজিং গাঁওবুঢ়া নিযুক্তিৰে উক্ত অঞ্চলত গৰু, ম’হ পুহি জীৱ নির্বাহ কৰা পশুপালকসকলৰ পৰা খাজনা আদায় কৰিছিল। ১৯৭৪ চনত ৰাজ্য চৰকাৰে বুঢ়াচাপৰিক সংৰক্ষিত বনাঞ্চলৰূপে ঘােষণা কৰে আৰু ১৯৯৫ চনত বনাঞ্চলখনক অভয়াৰণ্যলৈ উন্নীত কৰা হয়।
জলবায়ু climate of Bura Chapori Abhayaranya in Assamese
বুঢ়াচাপৰিৰ জলবায়ু ক্রান্তীয় সেমেকা। গড় সর্বোচ্চ তাপমান ৩৫° চেলছিয়াছ আৰু সর্বনিম্ন ৮° চেলছিয়াছ। জুলাই মাহত সকলােতকৈ বেছি গৰম হয়। বৰষুণৰ পৰিমাণ গড় হিচাপত ১৫০০ মিলিমিটাৰ।
উক্তিৰাজি
বুঢ়াচাপৰিত ঘাইকৈ পলসুৱা ঘাঁহনি অঞ্চল আৰু পর্ণপাতী অৰণ্য দেখিবলৈ পােৱা যায়। অভয়াৰণ্যখনৰ ৬৫ শতাংশ পলসুৱা ঘাঁহনি অঞ্চল, ২০ শতাংশ মিশ্র পর্ণপাতী অৰণ্য আৰু বাকী ১৫ শতাংশ বিল আৰু জলাশয়ে আৱৰি আছে।
গমাৰি, শিমলু, চিচু, এজাৰ, ভেলেউ, কৰৈ, ঝাও আদি অভয়াৰণ্যখনৰ উদ্ভিদৰাজিৰ ভিতৰত উল্লেখযােগ্য। ইয়াৰ ঘাঁহনি অঞ্চলত নল, ইকৰা, কঁহুৱা, উলুখেৰ, বিৰিণা, খাগৰি আদি আৰু জলাশয়বােৰত মেকো, দল, ভেট, পুণী আদি দেখিবলৈ পােৱা যায়।
জীৱ-জন্তু Animals of Bura Chapori Abhayaranya in Assamese
এশিঙীয়া গঁড়ৰ ৰম্যভূমিৰূপে পৰিচিত অভয়াৰণ্যখনত অন্যান্য বন্যপ্রাণীও আছে। এইবােৰৰ ভিতৰত সুগৰীপহু, বনৰীয়া গাহৰি, বনৰীয়া ম’হ, দলহৰিণ, হেপা, লতামাকৰি, উদ, জহামাল, শিয়াল আদি উল্লেখযােগ্য। অভয়াৰণ্যখনত মাজে সময়ে হাতীৰ জাকো দেখিবলৈ পােৱা যায়। তদুপৰি অভয়াৰণ্যখনত থকা জলাশয়সমূহত বিভিন্ন প্রজাতিৰ কাছৰ লগতে সৰীসৃপ, থলুৱা মাছ আদি পােৱা যায়।
পক্ষীকুল Bird of Bura Chapori Abhayaranya in Assamese
বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যখনৰ প্রধান আকর্ষণ হ’ল দুষ্প্রাপ্য উলুম’ৰা পক্ষী। উলুখেৰেৰে ভৰি থকা অভয়াৰণ্যখন উলুম’ৰা পক্ষীৰ বংশবৃদ্ধিৰ বাবে অতি উপযুক্ত স্থান হিচাপে চিহ্নিত হৈছে। অভয়াৰণ্যখনলৈ শীতকালত বিভিন্ন প্রজাতিৰ পৰিভ্রমী পক্ষীৰ আগমন ঘটে। স্থানীয় চৰাইৰ ভিতৰত বগলী, বিভিন্ন প্রজাতিৰ হাঁহ, হাইঠা, ভাটৌ, গঙাচিলনী, বৰটোকোলা, বাঢ়ৈটোকা, মাছৰােকা, মইনা আদিও দেখিবলৈ পােৱা যায়।
Bura Chapori Wildlife sanctuary is famous for । পৰ্যটকে কি চাবলৈ বিচাৰে:
স্তন্যপায়ী প্ৰানী: এশিঙীয়া গঁড়, বনৰীয়া ম’হ, অসমীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন ৰৌ, শৰ পহু, শিয়াল, সুগৰী পহু, বনৰীয়া ষাঁড়, সেন্দুৰী বান্দৰ, হলৌ বান্দৰ, মলুৱা বান্দৰ, ছাগলী পহু, বনৰীয়া মেকুৰী, বাদুলি, শহাপহু, বনৰীয়া গাহৰি, ইত্যাদি আৰু কেতিয়াবা দতাঁল হাতীয়ে বিচৰণ কৰে।
পক্ষী: উলুম’ৰা, ডঁৰিক, কাঠৰোকা, ডাউক, ভাটৌ, আমৰ’লীয়া হাঁহ, মাছৰোকা, মৈপিয়া ইত্যাদি।
যাতায়াত
তেজপুৰৰ শালনিবাৰী বিমান বন্দৰৰ পৰা অভয়াৰণ্যখনলৈ ৩০ কিলােমিটাৰ, নগাঁও চহৰৰপৰা ৪০ কিলােমিটাৰ। স্থলপথেৰে যিকোনাে গাড়ীৰে অভয়াৰণ্যখনলৈ যাব পাৰি। বুঢ়াচাপৰি অভয়াৰণ্য পৰিভ্ৰমণকাৰীসকল থকামেলাৰ বাবে বন্যপ্রাণী বিভাগৰ এটা পৰিদৰ্শন বলা আছে।
ভ্ৰমণৰ উপযুক্ত সময়ঃ
অক্টেবৰ মাহৰপৰা মার্চ মাহলৈকে এই অভয়াৰণ্য ভ্ৰমণৰ বাবে উপযুক্ত সময়।
যােগাযােগৰ ঠিকনা
মাণ্ডলিক বন বিষয়া, পশ্চিম অসম বন্যপ্ৰানী খণ্ড, দোলাবাৰী, তেজপুৰ, দূৰভাষ (০৩৭১২) ২৬৯০৫৪, বনাঞ্চলিক বিষয়া, বুঢ়াচাপৰি বন্যপ্ৰানী অভয়াৰণ্য, ধনিয়া, (অসম)।
জিৰণি স্থান:
ব্লু ষ্টাৰ হোটেল, জোনাকী ভৱন, তেজপুৰ, দূৰভাষ(০৩৭১২) ২২০৬৮২, ৱেছিচ হোটেল, জোনাকী ৰোড, তেজপুৰ, দূৰভাষ(০৩৭১২) ২২০৭২৪, হোটেল লুইত, তেজপুৰ, টেলিফোন: (০৩৭১২) ২২২০৮৩, হোটেল গ্ৰীণ ভিউ, মুখ্য পথ, তেজপুৰ, দূৰভাষ: (০৩৭১২)২২৩৬৮৫, কন্যাপুৰ হোটেল, হাতীবিলখানা, তেজপুৰ, দূৰভাষ(০৩৭১২) ২২০২৬১