April 29, 2024

Bornadi Abhayaranya in Assamese। বৰনদী অভয়াৰণ্য

Bornadi Abhayaranya in Assamese

বৰনদী অভয়াৰণ্য Bornadi Wildlife Sanctuary in Assamese

ভূটান সীমান্তৰ হিমালয়ৰ পাদদেশৰ ৰজাগড় অঞ্চলত বৰনদী অভয়াৰণ্য অৱস্থিত। অভয়াৰণ্যখনে প্রায় ২৬,২২ বর্গকিলােমিটাৰ অঞ্চল আগুৰি আছে। পূর্বতে অভয়াৰণ্যখন দৰং জিলাত আছিল। বর্তমান ই বিটিএডিৰ অন্তৰ্গত বাক্সা জিলা আৰু ওদালগুৰি জিলাত অন্তর্ভুক্ত হৈছে।

Bornadi Abhayaranya in Assamese
assam.gov.in

১৯৪২ চনতে বৰনদী বনাঞ্চলক ‘বৰনদী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। অসম চৰকাৰে নলগাহৰি আৰু খাগৰিকটা শহাৰ বাসস্থানৰ সংৰক্ষণৰ বাবে ১৯৮০ চনৰ ২২ আগষ্টত এক জাননীৰ জৰিয়তে বৰনদীক অভয়াৰণ্যলৈ উন্নীত কৰে। অভয়াৰণ্যখন মঙলদৈ বন্যপ্রাণী সংমণ্ডলৰ অন্তৰ্গত। পৃথিৱীৰ মানচিত্ৰত বৰনদী ২৬°৪৮ উত্তৰ অক্ষাংশ আৰু ৯১.৪৫ পূর্ব দ্রাঘিমাংশত অৱস্থিত।

জলবায়ু

বৰনদীৰ জলবায়ু ক্রান্তীয় সেমেকা। গড় হিচাপত বার্ষিক তাপমান সর্বোচ্চ ৩০° চেলছিয়াছ আৰু সর্বনিম্ন ৬° চেলছিয়াছ। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩৫০০ মিলিমিটাৰ।

চাৰিসীমা

অভয়াৰণ্যখনৰ পূবদিশত আছে নলা নৈ আৰু নলা গাঁও, পশ্চিম দিশত গুৱাবাৰী অঞ্চল আৰু বৰনদী, উত্তৰ দিশত ভাৰত ভূটান সীমান্ত আৰু দক্ষিণ দিশত ৰজাগড় অঞ্চল।

উদ্ভিদৰাজি

বৰনদীৰ অৰণ্যৰাজি প্ৰধানকৈ ওখ। ভূটানৰ সীমাত থকা অঞ্চলসমূহত ছাভানা ঘাঁহনি অঞ্চল, সেমেকা পর্ণপাতী অৰণ্য আৰু অর্ধচিৰসেউজ অৰণ্য দেখিবলৈ পােৱা যায়। অভয়াৰণ্যখন চিচু, শিমলু, গমাৰি, কদম, চেগুন, নাহৰ, কৰৈ, বনচোম, পমা, খকন, সােণাৰু, গন্ধসৰৈ, চতিয়না, আমলখি, খয়েৰ, পলাশ, শিমলু, এজাৰ, নাহৰ, সেঁকীয়াজাতীয় উদ্ভিদ, নানা ধৰণৰ অর্কিড আদিৰে ভৰি আছে। ঘাঁহনি অঞ্চলত দেখা কেইবিধমান ঘাঁহ হ’ল— ইকৰা, নল, খাগৰি, উলুখেৰ, বিৰিণা আদি।

জীৱ-জন্তু

নল গাহৰি আৰু দলখৰীয়াৰ বাবে অভয়াৰণ্যখন বিখ্যাত। আনহাতে স্তন্যপায়ী বন্যপ্রাণীৰ ভিতৰত বাঘ, নাহৰফুটুকী, হাতী, খুটীয়া পহু, সুগৰী পহু, হৰিণ, কেটেলা পহু, কুকুৰনেচীয়া বাঘ, বনৰীয়া গাহৰি, ৰাং কুকুৰ, টুপীয়া বান্দৰ, মলুৱা বান্দৰ, বনৰৌ, বনগৰু, সৰু জহামাল, নলগাহৰি, হিমালয়ৰ কলা ভালুক আদি উল্লেখযােগ্য। অজগৰ, নাইপিয়া, তেজপিয়া, সাপ, গুই আদি সৰীসৃপ প্রাণীৰ লগতে নানা প্রজাতিৰ পখিলাও অভয়াৰণ্যখনত বিদ্যমান।

পক্ষীকুল

 বৰনদী অভয়াৰণ্য নানা প্রজাতিৰ চৰাইৰ উপযুক্ত বাসস্থান। উলুম’ৰা, ম’ৰা চৰাই, বতা চৰাই, ধনেশ পক্ষী, হেঁটুলুকা, মাছৰােকা, বাঢ়ৈটোকা, হাইঠা, গাে-বগ, বালিমাহী, মইনা, কেঁচু, পাটমাদৈ, বনকুকুৰা, ডৰিক, ডাউক, শিলকপৌ, চিলনী, শেন, হঁয়কলি, সখিয়তী, বালিঘোঁৰা আদি উল্লেখযােগ্য।

যাতায়াত  

অভয়াৰণ্যখনলৈ ৭০ কিলােমিটাৰ দূৰত্বৰ মঙলদৈৰপৰা স্থলপথৰ সুন্দৰ যাতায়াত ব্যৱস্থা আছে। পর্যটকসকলে মঙলদৈৰ আৱর্ত ভৱনত থাকিব পাৰে। বৰনদীত সৰু জিৰণি ঘৰ এটাও আছে Bornadi Abhayaranya in Assamese

যাতায়ত ব্যৱস্থা:

বৰনদী বন্যপ্ৰানী অভয়াৰণ্যৰ পৰা গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰষ্ট্ৰীয় বিমানবন্দৰ প্রায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত। অভয়াৰণ্যখন মঙ্গলদৈৰ পৰা ৭০ কিলোমিটাৰ, তেজপুৰৰ পৰা ১২০ কিলোমিটাৰ আৰু ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ১৪০ কিলোমিটাৰ দূৰত অৱস্থিত।

জিৰণি স্থান:

দর্শনার্থীসকলে গুৱাহাটীস্থিত হোটেল, মঙ্গলদৈ আৰু ওদালগুড়িস্থিত আৱৰ্ত ভৱনত থাকিব পাৰে। জিলা প্রশাসক, দৰং, দূৰভাষ: (০৩৭১৩) ২২২১৩৫ আৰু জিলা প্রশাসক, ওদালগুড়ি, দূৰভাষ (০৩৭১১) ২২৪৪৩৩ ত যোগাযোগ কৰিব পাৰে।

পৰ্য্টনৰ বাবে যোগাযোগ সম্পৰ্কীয় ঠিকনা:

মাণ্ডলিক বন বিষয়া, মঙ্গলদৈ বন্যপ্ৰানী বিভাগ, দূৰভাষ(০৩৭১৩) ২৩০০২২

দৰ্শনৰ বাবে উত্তম সময়:
নৱেম্বৰৰ পৰা এপ্ৰিল

You can Also Read

References

  1. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  2. And I collected from Wikipedia
  • Learning, Awareness and Education is the purpose of this Blog/Website.
  • If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *