Joypur Borkharanya in Assamese

Babu Printers
0

জয়পুৰ বৰ্ষাৰণ্য Joypur Rain Forest

প্রকৃতিৰ এক অদ্বিতীয় সৌন্দর্যৰ উদাহৰণ জয়পুৰ বৰ্ষাৰণ্য ১০৮ বর্গ কি.মি. এলেকা জুৰি বিয়পি আছে। এই বর্ষাৰণ্যখন অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াৰ ওচৰৰ জয়পুৰত অৱস্থিত। এই বর্ষাৰণ্যখনৰ বিশেষত্ব হল ইয়াৰ চহকী জৈৱ বৈচিত্র। ইয়াৰ পূব আৰু দক্ষিণত অৰুণাচল প্রদেশ আৰু পশ্চিমত শিৱসাগৰ জিলা। এই সংৰক্ষিত বনাঞ্চলখন আই বি চি আই অসম উপত্যকা চিৰসেউজ অৰণ্য হিচাপে শ্রেণীভূক্ত কৰা হৈছে (চেম্পিয়ন আৰু ছেই ১৯৬৮)।

ইতিহাস

এইক্রান্তীয় আৰু উপক্রান্তীয় জলাহ চিৰসেউজ অৰণ্যত বিশ্ব ঐতিহ্যৰ এটি অংশ গঠন কৰিছে। ই বহু তৰপযুক্ত গঠনৰ চহকী জৈৱ বৈচিত্র, যাৰ জনপ্রিয় নাম বৰ্ষাৰণ্য। এই এলেকাৰ চিৰসেউজ অৰণ্যৰ বৈশিষ্ট্য হল অধিক সেমেকা গুণ আৰু অধিক বৃষ্টিপাত। বর্ষাঋতুত ইয়াৰ অধিক বৰষুণ হয় যদিও সকলাে মাহতে ছোচোৰৰকাকৈ বৃষ্টিপাত হৈ থাকে। 

জলবাযু

 ইয়াত সর্বোচ্চ বৃষ্টিপাতৰ পৰিমাণ ৩,৬৮০ মি.মি.। ১৯৯৯ চনত বছৰি সর্বোচ্চ তাপমান আছিল ৩৫° আৰু সর্বনিম্ন ৬° ছেলচিয়াছ।

উদ্ভিদ

জয়পুৰ সংৰক্ষিত বনাঞ্চলত ১০২টা প্রজাতিৰ কপৌফুল আছে, যি ৪৬টা জেনেৰাৰ (genera) অন্তর্ভুক্ত। এই অৰণ্যৰ প্ৰধান বৃক্ষ প্রজাতি হ’ল হােলােং গছ। ই প্রায় ৫০ মিটাৰ দীঘল হয় আৰু ইয়াৰ গাটোৰ পৰিধি ৭ মিটাৰ হয়। মেকাই প্রজাতিৰ উদ্ভিদো হােলােৰ লগে লগে কিছুওখ আৰু পানী জমা হৈনথকা অঞ্চলত গজে। আন কেইটামান প্রজাতি হ’ল ভঁপা, ধূনা, চাম, হােলােং জেতুলি, বৰপাত ইত্যাদি। তদুপৰি নাহৰ, মহৰিৰ লগতে শিলিখা, জামুক, বান্দৰডিমা, ভােমােৰা আদি গছ পােৱা যায়।

জীৱ-জন্তু

জয়পুৰ বৰ্ষাৰণ্যত বিপুল সংখ্যক বিৰল আৰু বিপন্ন প্রজাতি, যেনে ? গােধাফুটুকী বাঘ, মাটি ভালুক, নাহৰফুটুকী, হাতী, বাঘ, মেথােন, শৰপহু, লাজুকী বান্দৰ, টুপী পিন্ধা বান্দৰ, হলৌ বান্দৰ, উৰণীয়া কেৰ্কেটুৱা ইত্যাদিৰ বাসস্থান। চৰাইবােৰৰ ভিতৰত উঁৰিক চৰাই, দলপুঙা চৰাই, ড্রেংগাে, দেওহহ, ঈগল, ফেঁচা, ধনেশ, মিনিভেষ্ট ইত্যাদি। Joypur Borkharanya in Assamese

বর্ষাৰণ্য উৎসৱ

 ভাৰতৰ একমাত্ৰ বৰ্ষাৰণ্য উৎসৱ ইয়াতেই পালন কৰা হয়। তিনিদিনীয়া কাৰ্যসূচীৰে ফেব্ৰুৱাৰী মাহৰ ১১-১৩ তাৰিখলৈ জয়পুৰ বৰ্ষাৰণ্য উৎসৱ অৰণ্যৰ দাঁতিত পালন কৰা হয়। ইয়াৰ কার্যক্রমণিকা হ’ল ট্রেকিং, নাও বােৱা, অৰণ্যৰ ভিতৰত শিবিৰ, পক্ষী নিৰীক্ষণ আৰু হাতীৰ পিঠিত উঠা।

যাতায়াত

 ডিব্ৰুগড় আৰু শিৱসাগৰৰ পৰা নাহৰকটীয়া হৈ বৰ্ষাৰণ্যখনলৈ গাড়ীৰে যাব পাৰি।ওচৰৰ ৰেল ষ্টেচন হৈছেনাহৰকটীয়া। নিকটতম জংছ ডিব্ৰুগড় আৰু নিউ তিনিচুকীয়া। নিকটতম বিমানঘাটি মােহনবাৰী (ডিব্ৰুগড়)।

You can also read

  • পবিতৰা অভয়াৰণ্যৰ ইতিহাস
  • বৰাইল বন্যপ্রাণী অভয়াৰণ্য
  • বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যৰ ইতিহাস
  • মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস
  • বৰনদী অভয়াৰণ্য
  • পবা বর্ষাৰণ্য
  • ভেৰজান বৰজান পদুমনি বন্যপ্ৰানী অভয়াৰণ্য ইতিহাস
  • চক্ৰশীলা অভয়াৰণ্যৰ ইতিহাস

একটি মন্তব্য পোস্ট করুন

0মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন (0)
To Top