Chakrasila Wildlife Sanctuary in Assamese

Babu Printers
0

 চক্ৰশীলা অভয়াৰণ্য  History of Chakrasila Wildlife Sanctuary in Assamese

ধুবুৰী চহৰৰপৰা প্রায় ৬৮ কিলােমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত চক্ৰশীলা অভয়াৰণ্য ধুবুৰী জিলাৰ প্রায় ৪,৫৫৭ হেক্টৰ (৪৫ বর্গ কিলােমিটাৰ) অঞ্চল আগুৰি আছে। এই অভয়াৰণ্য ধুবুৰী বন সংমণ্ডলৰ অন্তৰ্গত। ১৯৯৪ চনৰ ১৪ জুলাইত সংৰক্ষিত বনাঞ্চলখনক অসম চৰকাৰে অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰে। অভয়াৰণ্যখনৰ চাৰিওফালে পাহাৰে আৱৰি আছে আৰু অভয়াৰণ্যখনৰ দুইমূৰে ধীৰ আৰু ডিপলাই নামৰ দুটা জলাশয় আছে। অভয়াৰণ্যখনৰ ওচৰেপাঁজৰে কেইবাখনাে গাঁও আছে আৰু গাঁওবাসীসকলেই এই অভয়াৰণ্য সম্পূর্ণরূপে সংৰক্ষণ কৰি আহিছে। চক্ৰশীলাই হ’ল ভাৰতৰ ভিতৰত গাঁওবাসীসকলৰদ্বাৰা সংৰক্ষিত একমাত্র অভয়াৰণ্য, য’ত কোনাে চৰকাৰী বনকর্মী নাই।

পৃথিৱীৰ মানচিত্ৰত ২৬°১৫ উত্তৰৰপৰা ২৬°২৬ উত্তৰ অক্ষাংশ আৰু ৯০°১৫ পূবৰপৰা ৯০°২ পূর্ব দ্রাঘিমাংশত চক্ৰশীলা অভয়াৰণ্য অৱস্থিত।

জলবায়ু  

 অভয়াৰণ্যখনৰ জলবায়ু ক্রান্তীয় সেমেকা। জুলাই মাহত সকলােতকৈ বেছি বৰষুণ হয়। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গড়ে ২,০০০ মিলিমিটাৰৰপৰা ৪,০০০ মিলিমিটাৰ। গড় সর্বোচ্চ তাপমাত্রা ৩০° চেলছিয়াছ আৰু সর্বনিম্ন ৮ চেলছিয়াছ।

চাৰিসীমা

 অভয়াৰণ্যখনৰ পূব আৰু উত্তৰ দিশত বিটিএডি এলেকা, পশ্চিমত ধুবুৰী জিলাৰ গাঁও অঞ্চল, দক্ষিণ দিশত ধীৰ আৰু ডিপলাই নামৰ দুখন বিল আছে। Chakrasila Abhayanrana in Assamese

উদ্ভিদৰাজি

চক্ৰশীলাৰ অৰণ্যৰাজি মূলতঃ অর্ধ চিৰসেউজ বননি, সেমেকা পর্ণপাতী অৰণ্য, শালগছৰ অৰণ্যৰ উপৰি ঘাঁহনি আৰু জোপােহা গছৰ অৰণ্য দেখিবলৈ পােৱা যায়। শালগছৰ বাবে বিখ্যাত এই অভয়াৰণ্যখনত ভােমােৰা, বান্দৰডিমা, শিলিখা, হাতীপৰলীয়া, পমা, বগীপমা, জামুক, কদম, ওদাল, বাজী-ঔ, ঔ-টেঙা, পাৰলি, ফুলচপা, শিমলু, চিদা, কৰৈ, চাম, চেগুন, সােণাৰু, ভাতঘিলা, গমাৰি, বন আম, বিভিন্ন প্রজাতিৰ ডিমৰু আঁহত, আমলখি আদি অভয়াৰণ্যখনৰ প্ৰধান উদ্ভিদ। ঘাঁহনি অঞ্চলত খাগৰি, কহিবন, উলুখেৰ, দূবৰি, কেইবাটাও প্রজাতিৰ বাঁহ, অর্কিড আদিৰ লগতে অভয়াৰণ্যখনত থকা জলাশয় দুটাত বিভিন্ন প্রজাতিৰ জলজ উদ্ভিদ, যেনে— মেটেকা, শিঙৰী, শেলুৱৈ, ভেট, পুণী আদিৰ উপৰি বিবিধ মাছ, কাছ, ভেকুলী আদিৰে ভৰি আছে।

জীৱ-জন্তু

চক্ৰশীলা অভয়াৰণ্যৰ প্রধান আকর্ষণ হৈছে সােণালী বান্দৰ। ভাৰতৰ ভিতৰত এই অভয়াৰণ্যত সর্বাধিক সােণালী বান্দৰৰ বিচৰণভূমি। ১৯৮৬ চনত উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গােষ্ঠী ‘নেচাৰ্ছ বেকন’ৰ সদস্যসকলে এইবিধ প্রাণী আৱিষ্কাৰ কৰে আৰু তেওঁলােকৰ উদ্যোগতে প্রাণীবিধৰ বাসস্থান সম্পূৰ্ণৰূপে সুৰক্ষিত হয়। এই অভয়াৰণ্যত এতিয়ালৈকে প্রায় ৩০বিধ স্তন্যপায়ী প্রাণী, ২৫০তকৈ অধিক প্রজাতিৰ বনৰীয়া চৰাই, ২৩টা প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ প্রাণী, ৪০বিধতকৈ অধিক প্রজাতিৰ পখিলা আৰু ৬০বিধমান বিভিন্ন প্রজাতিৰ পােক-পতংগ নথিভুক্ত কৰা হৈছে। 

জন্য পায়ী প্রাণীসমূহৰ ভিতৰত ভেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, তামাকৰি, সােণালী বান্দৰ, মলুৱা বান্দৰ, বনৰৌ, কেটেলা পহু, সুগৰী পহু, বনগৰু, শৰপহু, জহামাল, বন মেকুৰী, শিয়াল, নেউল, মেঠোন, বন গাহৰি আদি উল্লেখযােগ্য স্তন্যপায়ী প্রাণী। অভয়াৰণ্যখনৰ আন এবিধ উল্লেখযােগ্য সম্পদ হৈছে উঁই হাফলুবােৰ। অভয়াৰণ্যখনৰ মাজত কেইবাটাও নিজৰা আছে।

পক্ষীকুল

চক্ৰশীলা অভয়াৰণ্য নানান চৰাইৰ উপযুক্ত বাসস্থান। পানীকাউৰী, কৈলাঙি, দৈকলা, মণিয়ৰী, কণামুচৰি, শামুকভঙা, বৰটোকোলা, হাড়গিলা, বৰবগ, ৱাক চৰাই, শৰালি, বৰশৰালি, খন্তীয়া হাঁহ, চিলনী, গােধাচিলনী, পখৰা শেন, চিকাৰী শেন, হুদু, বিভিন্ন প্রজাতিৰ কেঁচা, ধনেশ, হাইঠা, পৰঘুমা, মাছৰােকা, কপৌ, বাঢ়ৈটোকা, হেঁটুলুকা, ফেঁচু, ভীমৰাজ, এৰাখাতি, ৰূপহী, দহিকতৰা, পানীডুবি, কুকুহা, ডাউক, ঘিলাহহ, শ্বেতকপৌ, চেকচেকী, পাতসীয়া আদি বিভিন্ন প্ৰজাতিৰ চৰায়ে অভয়াৰণ্যখন ভৰি আছে।

কোকৰাঝাৰ ৰেল ষ্টেশ্যনৰপৰা শালকোচালৈ গ’লে চক্ৰশীলা অভয়াৰণ্যলৈ দূৰত্ব ৩০কিলােমিটাৰ। অভয়াৰণ্যখনৰ কাষতে নেচাৰ্ছ বেকনৰ ‘তপােবন’ নামেৰে এটি আশ্রম আছে। এই আশ্রমতে অতিথিসকলৰ বাবে এটা অতিথিগৃহ থকাৰ উপৰি আশ্ৰমত ব্যক্তিগত তম্ভ টনাৰ বাবে ঠাই আছে। 

অভয়াৰণ্যখনক কেন্দ্ৰ কৰি চৰাই পর্যবেক্ষণ, সােণালী বান্দৰ পর্যবেক্ষণ, নৌকা বিহাৰ, ট্রেকিং আদিৰৰ ব্যৱস্থা আছে।

যাতায়ত ব্যৱস্থা:

চক্রশিলা বন্যপ্ৰানী অভয়াৰণ্যৰ পৰা গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰষ্ট্ৰীয় বিমানবন্দৰ প্রায় ২৬৩ কিলোমিটাৰ দূৰত অৱস্থিত। পথৰ দূৰত্ব হ’ল- গুৱাহাটী চহৰৰ পৰা ২৬৯ কিলোমিটাৰ, ধুবুৰীৰ পৰা ৭০ কিলোমিটাৰ, বঙাইগাঁওৰ পৰা ৫০ কিলোমিটাৰ, আৰু কোকৰাঝাৰৰ পৰা ৭ কিলোমিটাৰ।

জিৰণি স্থান:

কোকৰাঝাৰৰ নিকটৱৰ্ত্তী চৰাইখোলত এটা জিৰণি কোঠা পোৱা যায়। পৰ্যটকসকলে কোকৰাঝাৰ জিলাৰ বন্যপ্ৰানী বিভাগৰ, মাণ্ডলিক বন বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। কোকৰাঝাৰত উপলব্ধ হোটেলসমূহ উল্লেখ কৰা হ’ল – হোটেল ওম শ্ৰী, জে.ডি ৰোড, কোকৰাঝাৰ, দূৰভাষ (০৩৬৬১) ২৭১৬৫৬, ২৭১৬৫৫, চাহাৰা ল’জ, পাটালপুৰ ৰোড, কোকৰাঝাৰ, দূৰভাষ (০৩৬৬১) ২৭০৮২৪, চেভেন ব্ৰাদাৰ্ছ ল’জ, বাজাৰ ৰোড, কোকৰাঝাৰ, দূৰভাষ (০৩৬৬১) ২৭১৭০১ বসুমতাৰী ল’জ, আৰ.এন.বি. ৰোড, কোকৰাঝাৰ, প্রশান্তি লজ, আৰ.এন.বি. ৰোড, কোকৰাঝাৰ, দূৰভাষ(০৩৬৬১) ২৭০০৯৪, ৯৪৩৫২ ৫৫১১৩, কে.আৰ. ল’জ, জে.ডি ৰোড, কোকৰাঝাৰ।

পৰ্য্টনৰ বাবে যোগাযোগ সম্পৰ্কীয় ঠিকনা:

মাণ্ডলিক বন বিষয়া, বন্যপ্ৰানী বিভাগ, কোকৰাঝাৰ, দূৰভাষ(০৩৬৬১) ২৭০৩৬৫(কাৰ্যালয়)

দৰ্শনৰ বাবে উত্তম সময়: নৱেম্বৰৰ পৰা এপ্ৰিল

You can read also

  • দঁশেই উৎসৱ
  • দুৰ্গা পূজা
  • নৱৰাত্ৰি
  • বিশ্বকৰ্মা জয়ন্তী পূজাৰ ইতিহাস
  • ছট পূজাৰ ইতিহাস

References

  • I collected from Wikipedia
  • assam.gov.in
  • sentinelassam.com

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform us, thanks

একটি মন্তব্য পোস্ট করুন

0মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন (0)
To Top