অম্বুবাচী মেলা History of Ambubachi Mela in Assamese
অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে।
ভাৰতৰ শক্তি পীঠবােৰৰ ভিতৰত অসমৰ গুৱাহাটীত থকা কামাখ্যাই অতি প্রসিদ্ধ। ইয়াতেই দেৱী মহামায়া আদ্যাশক্তিয়ে কামাখ্যা ৰূপ ধাৰণ কৰি আছে। অতি প্রাচীন কালৰে পৰা কামাখ্যাক ভক্তই পূজা অর্চনা কৰি আহিছে।
আহাৰ মাহৰ সাত দিন যােৱাৰ পাছত কামাখ্যাত উদ্যাপন কৰা অম্বুবাচী ভাৰত বিখ্যাত। এগৰাকী সাধাৰণ নাৰীৰ দৰে
পৃথিৱীও ৰজঃস্বলা হয় বুলি থকা সৰ্বসাধাৰণ লােকৰ ধাৰণাই এই উৎসৱৰ মূল ভিক্তি। এই কেইদিন অর্থাৎ পৃথিৱী ৰজঃস্বলা হােৱা কেইদিন কামাখ্যাৰ দ্বাৰ বন্ধ কৰি থােৱা হয়। এই সময়ত কোনেও কামাখ্যাক দর্শন কৰিব নােৱাৰে। এই কেইদিনত হিন্দুসকলে কোনাে মাংগলিক কামাে নকৰে। বিশেষকৈ হালবােৱা, কোৰ মৰা, ফল-মূল ছিঙা, মাটি খন্দা আদি কাম এই চাৰিদিনত কৰা নহয়। অসমৰ প্রায় সকলােবােৰ মঠ-মন্দিৰত পূজা-অর্চনা এই সময়ত বন্ধ থাকে। যাঁঠৰ চুৱা মানি চলা বিধৱা সকলে এইকেইটা দিনত কেৱল ফলাহাৰ গ্ৰহণ কৰে।
চাৰিদিনৰ মূৰত ষাঁঠৰ চুৱা অন্ত হয় আৰু সেইদিনাই কামাখ্যাৰ দ্বাৰ খােলা হয়। সেইদিনাৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত হিন্দু ধর্মাৱলম্বী লােকসকল আহি কামাখ্যা দেৱীক দর্শন কৰি নিজৰ জীৱন ধন্য কৰি তােলে। আনহাতে ১০ আহাৰত কামাখ্যা দেৱীৰ মহাপূজা সম্পন্ন কৰা হয়। এই পূজাৰ মাহাত্মৰ কথা জানিব পাৰি বিদেশৰ অগণন ভক্ত আহি শক্তি পূজাৰ অৰ্চনা আৰু অভিজ্ঞতা অর্জন কৰেহি। অম্বুবাচী নিবৃতিৰ সময়ত বাচন-বৰ্তন, কাপােৰ কানি ধুই, ঘৰদুৱাৰ মচি পৰিষ্কাৰ কৰাটো এই উৎসৱৰ অন্যতম বৈশিষ্ট্য। অম্বুবাচী বুলি ক’লেইকামাখ্যা ধামত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। অম্বুবাচী কেইদিনত কামাখ্যা ধামত এক মেলাও অনুষ্ঠিত হয়। ব্যৱসায়ী, ভক্ত, অদ্ভুত বেশ-ভূষাৰ সাধু-সন্ন্যাসী, সাধাৰণ লােক আদিৰে কামাখ্যা ধাম ললাকে লােকাৰণ্য হৈ পৰে। এইবােৰৰ মাজত নামতীসকলৰ জাত জাত নামে সমগ্ৰ পৰিৱেশ মধুময় কৰি ৰাখে। অম্বুবাচী কেইদিন কামাখ্যালৈ অহা প্ৰতিজন লােকেই ভক্তিত গদ গদ হৈ কামাখ্যাৰ আশিষ লৈ নিজৰ জীৱন সার্থক কৰি তুলিবলৈ চেষ্টা কৰে।
অম্বুবাচীৰ নিয়ম
অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা, চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয় ৷ অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয় ৷ এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে ৷ ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয় ৷