March 29, 2024

শিশু ভৃত্য বিৰোধী দিৱস ১৯ ছেপ্টেম্বৰ

১৯ ছেপ্টেম্বৰ দিনটো অসম সর্বশিক্ষা অভিযান মিছনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ‘শিশু ভৃত্য বিৰোধী দিৱস’ পালন কৰা হয়। এই দিৱসৰ মুখ্য উদ্দেশ্য হ’ল বিদ্যালয় বহির্গত শিশু শ্রমিক বা অইন ৰাস্তাইঘাটে ঘূৰি ফুৰা শিশুসকলক যাতে সৰ্বশিক্ষাৰ অভিযান মিছনৰ জৰিয়তে সুশিক্ষিত কৰিব পৰা যায় সেইটোৱে একমাত্র উদ্দেশ্য। শিক্ষাৰ পোহৰ কেনেকৈ বিস্তাৰ কৰিব পাৰি তাৰ চেষ্টা সকলোৱেই কৰিব লাগিব। শিক্ষাৰ পোহৰ বিস্তাৰ নহ’লে কোনো জাতিয়ে উন্নতিৰ পথত আগুৱাই যাব নোৱাৰে। সেয়েহে জ্ঞানৰ পোহৰ বিলোৱা শিক্ষা বিস্তাৰ স্বেচ্ছাসেৱী সংস্থা আৰু সমাজৰ সহযোগত সম্ভৱ হ’ব পাৰে। চৰকাৰে সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে বিভিন্ন আঁচনিৰ লগতে শিশু শ্রমিক বা অইন সুবিধা থকা হেতু বিদ্যালয় বহির্গত শিশুক বিদ্যালয়মুখী কৰাৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ বাবে সকলো স্বেচ্ছাসেৱী সংস্থা আৰু সমাজৰ সহায়-সহযোগিতা থাকিব লাগিব। নহ’লে এই দিৱসৰ কোনো অর্থ নাথাকিব। কিন্তু যিটো সময়ত শিশুৱে পঢ়ি-লিখি আৰু নানা ধৰণৰ খেল-ধেমালিত লাগি মানসিক আৰু শাৰীৰিক উৎকর্ষ সাধন কৰিব লাগে সেই সময়তে ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ শিশুৱে জীৱিকাৰ অন্বেষণত লাগি কাল ধুমুহাত পৰিব লগা হয়। শিশু শ্রমিক হিচাপে কাম কৰিলেও সিহঁতে ডাঙৰ মানুহৰ দৰে উপাৰ্জন কৰিব লাগে, কষ্ট কৰিব লাগে। এই ফুলকুমলীয়া শিশুসকলৰ কাৰণে চৰকাৰে পৰিকল্পিতভাৱে আঁচনি যুগুত কৰি কাৰ্যকৰী কৰিলেহে শিশু ভৃত্য বিৰোধী দিৱসৰ প্ৰকৃত সাৰ্থকতা হ’ব বুলি আশা কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *