April 24, 2024

প্রতিষ্ঠা দিৱস বড়ো সাহিত্য সভা ১৬ নৱেম্বৰ

বড়ো সাহিত্য সভা অসমৰ বড়োসকলৰ এটি সাহিত্যিক অনুষ্ঠান। ১৯৫২ চনৰ ১৬ নৱেম্বৰত বাসুগাঁৱত বড়ো সাহিত্য সভা নামৰ অনুষ্ঠানটিৰ জন্ম হয়। প্রথমে আলোচনা-চক্র আছিল যদিও পিছলৈ প্রয়াত জয়ভদ্র হাগ্‌জেৰ, ধৰণীধৰ বসুমতাৰী, ৰামদাস বসুমতাৰী, সীতক্ষ বসুমতাৰী, ৰূপনাথ ব্ৰহ্ম, দাৰেণ বসুমতাৰী আৰু যোগেন্দ্ৰ নাথ বসুমতাৰী আদি সাহিত্য প্ৰেমীৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলত বড়ো সাহিত্য সভা সজীৱ হৈ উঠিল। সেইসকল নমস্য ব্যক্তিৰ আপ্রাণ চেষ্টাৰ ফলত বড়ো সাহিত্য সভাৰ জন্ম। বড়ো ভাষা, সাহিত্য সভাই কাম কৰে। ১৯৫২ চনৰ ১৬ নৱেম্বৰত জয়ভদ্ৰ হাগ্‌জেৰৰ সভাপতিত্বত বাসুগাঁৱত বড়ো সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। বর্তমান বড়ো সাহিত্য সভাৰ ২৫খন জিলা সাহিত্য সভাৰ শাখা আছে। প্রথমে বড়ো সাহিত্য সভাৰ মুখপত্ৰখনৰ নাম ‘কছাৰী’ আছিল যদিও ১৯৫৫ চনত ইয়াৰ ‘বড়ো’ নামে নামকৰণ কৰা হৈছে। বড়ো সাহিত্য সভাৰ প্ৰকাশন পৰিষদৰ জৰিয়তে বৰ্তমানলৈ প্রায় ৮০খন বড়ো ভাষাৰ পাঠ্যপুথি, কবিতা পুথি, চুটি গল্প, উপন্যাস আদি প্ৰকাশ কৰিছে। প্ৰতি বছৰে বড়ো ভাষাৰ শ্ৰেষ্ঠ লেখকক ৫,০০০ টকা মূল্যৰ ‘সমেশ্বৰী ব্ৰহ্ম শ্রেষ্ঠ সাহিত্য বঁটা’ বড়ো সাহিত্য সভাই আগবঢ়ায় আহিছিল। তাৰ উপৰি প্ৰৱেশিকা পৰীক্ষাত বড়ো ভাষাত সৰ্বোচ্চ নম্বৰ পোৱা পৰীক্ষাৰ্থীক ১,০০০ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰে। বৰ্তমান কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় স্থাপিত।

Leave a Reply

Your email address will not be published. Required fields are marked *