December 3, 2022

তিৱাসকলৰ ৰাতিসেৱা অনুষ্ঠান

তিৱাসকলৰ ৰাতিসেৱা অনুষ্ঠান

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ৰাতিসেৱা অনুষ্ঠান পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে। এচাম ভকতে ৰাতি গোপনে ভগৱানক পূজা-সেৱা কৰা একপ্ৰকাৰৰ অনুষ্ঠানকেই ‘ৰাতিসেৱা’ বুলি কোৱা হয়। ঠাই বিশেষে ইয়াক বেলেগ বেলেগ নামেৰেও জনা যায়। লোকেশ্বৰ গগৈয়ে ‘তিৱা সংস্কৃতিৰ ৰূপৰেখা’ গ্ৰন্থৰ প্ৰথম খণ্ডত লিখিছে— “তিৱাৰ সচঙত দিগম্বৰীয়া, নুনমতীয়া আৰু ৰঙাচৰণীয়া নামে তিনিটা পন্থাৰ প্রচলন আছে। বিবস্ত্ৰ হৈ সেৱাৰ কাম কৰা পন্থী হ’ল দিগম্বৰীয়া, অধুনা এই পন্থীয়ে নামমাত্র কলপাত পৰিধান কৰে। পহু (গাহৰি), চৰাই (কুকুৰা) আদি উছৰ্গা কৰা পন্থী হ’ল নুনমতীয়া, যি ৰাতিসেৱাৰ দিনা বস্ত্ৰ পৰিধান কৰে। শেষৰবিধ পন্থীয়ে সেৱাৰ উদ্দেশ্যে কোনো জীৱ-জন্তু বধ নকৰে আৰু কোনো প্ৰসাদ আগ নবঢ়ায়।” তিৱাসকলৰ বৰঘৰসদৃশ আছুতীয়া দুটা কোঠা থকা এটা ঘৰ থাকে। ইয়াকে ‘সচংঘৰ’ বোলা হয়। এই ঘৰটোতে তিৱাসকলে ৰাতিসেৱাৰ অনুষ্ঠান অনুষ্ঠিত কৰে। বছৰত দুবাৰ এহাল তিৱা ডেকা-গাভৰু


তিৱাসকলে এই অনুষ্ঠান পাতে। ৰাতিসেৱা অনুষ্ঠিত কৰিবলৈ তিৱা সমাজত গাঁওবাসী একেলগ হৈ আলাপ-আলোচনা কৰি দিন-বাৰ ঠিক কৰে। ৰাতিসেৱাৰ বাবে প্রয়োজনীয় বস্তুবোৰ যোগাৰ কৰাৰ বাবে দান-বৰঙনি তুলিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই গাঁওবাসীয়ে মদ প্রস্তুত কৰাৰ কামো আৰম্ভ কৰে।

“তিৱাসকলে পালন কৰা ৰাতিসেৱা পৰম্পৰাৰ আচাৰ-নীতিসমূহ হৈছে এনেধৰণৰ— তিৱাসকলৰ দুকঠলীয়া সচং ঘৰৰ এটা কোঠাত ভকতসকল বহে আৰু আনটো কোঠাত ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা হয়। কোঠাটোত ভকত বহাৰ নিয়মো আছে। কোঠাটোৰ ভিতৰত দুৱাৰ মুখত দুৱৰী বহে, ইয়াৰ দক্ষিণে বুঢ়া ভকত বহে। দুয়োজনৰে মাজত এগছি মিঠাতেলৰ মাটিৰ চাকি জ্বলায় ইয়াক ‘পিতৃধ্বজ’ বোলা হয়। বুঢ়া ভকতৰ ওচৰত গুৱাকটীয়া, খুঁটিপুতীয়া পাৰিষদ বৰ্গ বহে। আনহাতে দুৱৰীয়া ভকতৰ শাৰীতে অন্য ভকতসকল বহাৰ নিয়ম। বহোঁতে সকলোৱে মেৰপাতি বহে আৰু মাজৰ অংশ খালী ৰাখে। সচং ঘৰৰ আনটো কোঠাত অৰ্থাৎ য’ত ৰন্ধা-বঢ়া কৰে, সেই কোঠাটোত এগছি চাকি জ্বলোৱা হয়। ইয়াক ‘মাতৃধ্বজ’ বোলা হয়। তিৱাসকলৰ প্ৰধান উপাস্য দেৱতা ফা-মাহাদেউ অর্থাৎ শিৱক পিতৃধ্বজ ৰূপে আৰু পাৰ্বতী তথা আই ভগৱতীক উদ্দেশ্যি ‘মাতৃধ্বজ’ নামৰ চাকি জ্বলোৱা হয়। দুয়োগছি ধ্বজৰ প্ৰতীক হৈছে প্ৰজনাংগ আৰু দুয়োগছি বন্তিৰ মিলনৰ প্ৰতীকি অৰ্থ হৈছে সম্ভোগ। সচংঘৰত আৰু কেইবাগৰাকী ভকত দেখিবলৈ পোৱা যায়। ৰান্ধনী শালত থকা তিনিগৰাকী ভকতক সাজনি, পাচনি আৰু চাকৰি নামে পৰিচিত। এই পদবীবোৰ তেওঁলোকৰ পৰম্পৰা অনুসৰি পুত্ৰই লাভ কৰে। সেৱা পূজাত এওঁলোকৰ স্থান অতি উচ্চ হ’লেও ইজনে সিজনক বাপ, গুৰুজন বুলি সম্বোধন কৰা দেখা যায়। সেৱাৰ বাবে প্ৰয়োজনীয় দ্রব্যবোৰক তেওঁলোকে কিছুমান অন্য নামাংকিত কৰা দেখা যায়। যেনে— গাহৰিক— পহু, মদক— সাজ বা গাখীৰ, কণীক— ডীমা, চৰাইক— পখী, সৰু চৰাই পোৱালিক— চিঁয়াপ, তামোলক— গুৱা ইত্যাদি।”১ নিয়ম

মূলসেৱা অনুষ্ঠিত হোৱাৰ আগদিনা পহু ধৰিবলৈ যোৱাৰ তিৱাসকলৰ মাজত আছে। গাত কোনো ধৰণৰ দাগ নথকা ক’লা বৰণৰ পহুহে পূজাত ব্যৱহাৰ কৰা হয়। পিঠা-পনাও এই পূজাৰ বাবে তৈয়াৰ কৰা হয়। পূজাৰ বাবে প্রয়োজনীয় সকলো বস্তু যোগাৰ হোৱাৰ পাছত বুঢ়া ভকতে এবটা তামোলপাণ দি দ্রব্যবোৰ যোগাৰ হোৱাৰ বাতৰি দিয়ে আৰু ৰাতিৰ মাংগলিক কাৰ্যৰ বাবে সকলো গাঁওবাসীকে ওলাই আহিবলৈ আহ্বান জনায়। প্রস্তুত কৰি ৰখা মদ প্রথমে বুঢ়া ভকতে খোৱাৰ পাছত বাকীবোৰে এই মদ গ্ৰহণ কৰে। সন্ধিয়া


পুনৰ সকলো লগ হৈ পূজা অনুষ্ঠিত হোৱা ঠাইলৈ আহে।

বিভিন্ন গীত বা নাম গোৱাৰ পৰম্পৰা ৰাতিসেৱাৰ লগত জড়িত। পূজাৰ মাংগলিক কার্য চলি থকাৰ সময়ত কিছুমান ‘বিচাৰগীত’ গোৱা হয়। ৰাতিসেৱাৰ অনুষ্ঠানত বুঢ়া ভকত আৰু সংগীবৃন্দই গোৱা এনে বিচাৰগীতৰ দুটামান উদাহৰণ তলত উল্লেখ কৰা হ’ল—

“আহা মোৰ সখি ঐ আমাৰ গুৰু বাপে গুৱাৰে জননী লৈ। আমি সেৱা কৰোঁ গৈ।।” (খ) (ক) আহা মোৰ বান্ধৈ ঐ অসমত বহিছে

“দেৱৰ কি দেৱতা

দেৱৰ কি দেৱতা তুমি।

সূর্য নোলাওতে

বিধৱা নকৰা বুলি

সেৱাৰে ৰমণী

সোলেপে যুগতে ৰয়।

সৰে উমনিত

তুমি মোৰ ঈশ্বৰে ঐ

পৰি তুতি কৰে

নেজানো কি তুতি জাগে।।”

(গ)

“তুমিয়ে খোৱাইছা

সেৱাৰে গমনি

হাটলৈ বজাৰত

বন্ধুৰে আমাৰে

আহে ভূঁইয়ে কূপে

তুমিয়ে লগাইছা মাত।

লাইনো কুমলীয়া

লফা কুমলীয়া বেৰো৷

তুমিয়ে ধোৱাইছা

তুমি অনাথৰে নাথ।

ঘূৰাইলৈ ফুৰিছা

দেহা দি ভকতি কৰোঁ।।”

গৰু খাই ঢুকালে

একেটা পীৰিতি

প্ৰসংগ সূত্র : ১. পাটৰ, ধীৰাজ : তিৱা লোক-সংস্কৃতিৰ আভাস, পৃঃ ১২১-১২২

You can read also

References

  1. I collected from Wikipedia
  2. assam.gov.in

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *