March 3, 2021

গমধৰ-পিয়লি-জীউৰাম-তীৰত সিং

সুদীর্ঘ ছশ বছৰ কাল অসমত আহােমসকলে ৰাজত্ব কৰিছিল। ছশ বছৰ ধৰি একেটা ৰাজ বংশই একেৰাহে কোনাে বিশাল ভূ-খণ্ডত ৰাজত্ব চলােৱাটো পৃথিৱীৰ ইতিহাসতে এক বিৰল ঘটনা। এই ছশ বছৰত মাজে-সময়ে যে অসমৰ ৰাজনীতিলৈ অস্থিৰতা অহা নাছিল অথবা আহােমৰ শাসনৰ বিৰুদ্ধে বিদ্রোহে মূৰ দাঙি উঠা নাছিল সেয়া নহয়, কিন্তু সেই প্রতিটো প্রতিকূল পৰিস্থিতিকে নিজৰ সাহস-শক্তি আৰু বিচক্ষণতাৰে ওফৰাই পেলাবলৈ সক্ষম হৈছিল আহােমসকল। কিন্তু ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম সম্পূৰ্ণৰূপে ইংৰাজৰ অধীন হ’ল। অসমৰ প্রজাসাধাৰণেই হওঁক, সম্রান্ত বংশীয় ডা-ডাঙৰীয়া অথবা ৰাজপৰিয়ালৰ লােক; এই কথা কোনেও সহজভাৱে গ্ৰহণ কৰিব নােৱাৰিলে।

গমধৰ-পিয়লি-জীউৰাম-তীৰত সিং
গমধৰ-পিয়লি-জীউৰাম-তীৰত সিং

গমধৰ কোঁৱৰৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। সুদীর্ঘ ছশ বছৰ ধপৰ অসমৰ ৰাজপাট দখল কৰি থকা ৰাজবংশৰ কোঁৱৰ গমধৰে ডা-ডাঙৰীয়াসকলৰ লগ হৈ অসমীয়া মানুহৰ মনত জাতীয়তাবােধ জগাই তুলিলে, যাতে স্বদেশস্বজাতিৰ বাবে মাৰ বান্ধি একগােট হৈ অসমীয়াই আকৌ এবাৰ বহিঃশক খেদি পঠিয়াই অসমৰ ৰাজ-সিংহাসনত আহােম শাসন প্রতিষ্ঠা কৰিব পাৰে। ১৮২৮ চনত গমধৰে নিজকে আহােম ৰজা বুলি ঘােষণা কৰি অসমৰ হৃত স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে প্রত্যক্ষভাৱে বিদ্রোহত নামি পৰে। গমধৰক সহায়

কৰিবলৈ সকলােতকৈ আগত আগবাঢ়ি আহিল আহােম ৰাজসভাৰ পূৰ্বৰ বিষয়া ধনঞ্জয় পিয়লীয়া বৰুৱা ।

গমধৰ কোঁৱৰৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে আৰম্ভ হ’ল অসমৰ প্ৰথমখন স্বাধীনতা সংগ্রাম। কিন্তু আধুনিক অস্ত্র-শস্ত্র, সমাৰিক প্রশিক্ষণৰে পৰিপুষ্ট ইংৰাজৰ ওচৰত তিষ্ঠিব নােৱাৰিলে গমধৰ বাহিনী। লেফটেনেন্ট কথাৰ ফোর্ডৰ নেতৃত্বত ইংৰাজে গমধৰৰ সশস্ত্র বিদ্রোহ কঠোৰ হাতেৰে দমন কৰি বিদ্রোহীসকলক কাৰাবন্দী কৰে। মণিৰাম দেৱানে পঞ্চায়ত সভা বহুৱাই গমধৰক ফাঁচীৰ আদেশ দিয়ে। কিন্তু বৃটিছ শাসনাধিপতি নৌবিল চাহাবে তেওঁক ফাঁচীৰ পৰা ৰেহাই দি কাৰাদণ্ড বিহে। গমধৰক যােৰহাট জেলত ৰখা হয়। কিন্তু তেওঁ তাৰ পৰা পলায়ন কৰাত তেওঁক পুনৰ বন্দী কৰা হয়। ডেভিদ স্কটে গমধৰক চৈধ্য বছৰৰ (কোনাে কোনােৰ মতে আজীৱন) বছৰৰ কাৰাবাস দি বংগদেশৰ ৰংপুৰ জিলালৈ প্ৰেৰণ কৰে। তাৰ পাছত তেওঁৰ কি হ’ল সেইবিষয়ে একো জনা নাযায়।

অসমৰ স্বাধীনতা সংগ্ৰামৰ এই প্রথম বিদ্রোহ মাথাে দুবছৰতে শাম কাটিলে। গমধৰ নিজৰ উদ্দেশ্যত সফল হ’ব নােৱাৰিলে, তথাপি অসমৰ স্বাধীনতা সংগ্রাম প্রথম বিদ্রোহী হিচাপে গমধৰৰ নাম সােণালী আখৰেৰে লিখা ৰ’ব।

অসমৰ স্বাধীনতা সংগ্ৰামৰ প্রথম বিদ্রোহ ব্যর্থ হ’ল সঁচা, কিন্তু অসমীয়াৰ মনৰ পাৰ স্বদেশ আৰু স্বজাতিৰ প্রতি নিজৰ কৰ্তব্য কৰি যােৱাৰ ইচ্ছা শেষ নহ’ল। সেয়ে গমধৰৰ পাছতাে পিয়লি ফুকন, জীউৰাম বৰুৱা, বাপচন্দ কছাৰীৰ দৰে বীৰে মিচিং, খামতি, ছিংফৌ আদি অসমৰ চুকে-কোণে সিচৰতি হৈ থকা জাতিজনগােষ্ঠীসমূহক একত্রিত কৰি অসমক স্বাধীন কৰাৰ পৰিকল্পনা কৰিলে। পিয়লি ফুকন আছিল বদন চন্দ্র বৰফুকনৰ দ্বিতীয় পুত্র। শৈশৱৰে পৰা তেওঁ শাৰীৰিক ভাৱে পঙ্গু আছিল। এডাল পেঙৰ সহায়ত বা কাৰােবাৰ গাত ভৰ দিহে পিয়লীয়ে ইফাল-সিফাল কৰিব পাৰিছিল।

মাতৃভূমিক স্বাধীন কৰিবলৈ এইবাৰ কঁকালত টঙালি বান্ধি ওলালজীউৰাম দুলীয়া বৰুৱা, ধনঞ্জয় পিয়লীয়া বৰুৱা, হৰনাথ বুঢ়াগোঁহাই, ৰূপচন্দ্র কোঁৱৰ, দেউৰাম দিহিঙ্গীয়া আদি ডেকাসকল আৰু সেই বিদ্রোহী দলটোক নেতৃত্ব দিবলৈ আগবাঢ়িল পিয়লি বৰফুকন। অসমভূমিক স্বাধীন কৰিবলৈ হলে প্রথমেই ইংৰাজ শক্তিক দুর্বল কৰিব লাগিব। তাৰ বাবে ইংৰাজৰ বন্দুকবাৰুদৰ ভঁৰাল খাৰ ঘৰ জ্বলাই দিব লাগিব— নানা আলাপ-আলােচনাৰ অন্তত বিদ্রোহীসকল এই সিদ্ধান্তত উপনীত হ’ল। ১৮৩০ চনৰ ২৫ মার্চৰ মাজনিশা পিয়লিৰ নেতৃত্বাধীন

পলাল, পেঙত ভৰ দি ৰৈ থাকিল কেৱল পিয়লিং সেন্যই পিয়লিক ধৰি লৈ। বিদ্রোহী দলটো শিৱসাগৰস্থিত ইংৰাজৰ খাৰঘৰ জ্বলাবলৈ বুলি আগবাঢ়িল। সেই খাৰঘৰ খেৰৰে সজা আছিল আৰু সেই সময়ত তাত ত্রিশ জনমান চিপাহীয়ে পহৰা দি আছিল।

সম্পূর্ণ প্রস্তুতিৰে বিদ্রোহী দলটো খাৰঘৰৰ ওচৰ চাপিল আৰু জীউৰামে আগত জুই লগাই খাৰঘৰলৈ কাড় মাৰি পঠালে। কাড় গৈ খাৰঘৰৰ চালত পৰাৰ লগে লগে ঘৰটো জ্বলি উঠিল। বৃটিছ সেনাৰ মাজত হাহাকাৰ লাগিল। তৎক্ষণাৎ এদল চিপাহীয়ে বিদ্রোহীহঁতক ধৰিবলৈ খেদি গ’ল। চিপাহী অহা দেখি সকলাে গল। পাছত অৱশ্যে জীউৰাম, হৰনাথ, ৰূপচন্দ্র, দেউৰাম আদিকো ইংৰাজে গ্রেপ্তাৰ কৰিলে। বিচাৰ আৰম্ভ হ’ল…।

কেপ্তেইন নিউভিল চাহাবৰ সমুখত থিয় হৈ বীৰদৰ্পে কৈ উঠিল পিয়লি বৰফুকনে- “আমি মৃত্যুলৈ ভয় নকৰাে। আমাক স্বাধীনতা লাগে। ইংৰাজৰ তলতীয়া হৈ জীয়াই থকাতকৈ মৃত্যুৱেই শ্রেয়।”

জয়সাগৰ পুখুৰীৰ পাৰত বহা সদৰ দেৱানী পঞ্চায়তে তেওঁলােকক ৰাজদ্রোহী’ সাব্যস্ত কৰি ফাঁচীৰ হুকুম দিলে। এই ৰাজদ্ৰোহৰ অভিযোেগ মূৰ পাতি লৈ শৈশৱৰে পৰা বদন বৰফুকনৰ পুতেক হিচাপে কঢ়িয়াই লৈ ফুৰা ‘দেশদ্রোহী’ৰ কলঙ্কহে যেন ধুই পেলাব বিচাৰিলে পিয়লিয়ে। শেষত মেথী চাহাবৰ আদেশত ১৮৩০ চনত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচী দিয়া হয়।

যিদৰে এসময়ত আহােমৰ সােণালী যুগৰ সাক্ষী হৈ ৰােৱা গমধৰ, পিয়লি, জীউৰামৰ দৰে বীৰপুত্ৰই অসম মাতৃৰ হৃত সন্মান ঘূৰাই আনিবলৈ গৈ মৃত্যুকো তুচ্ছ জ্ঞান কৰিছিল, ঠিক সেইদৰে একে সময়তে আন এজন বীৰপুৰুষেও নিজৰ ৰাজ্য আৰু ৰাজশক্তিক ৰক্ষা কৰিবৰ বাবে নিজৰ জীৱনৰ বাজী লগাবলৈ আগবাঢ়িছিল। তেঁৱেই হ’ল সেই সময়ৰ খাছিয়া পাহাৰৰ এখন ৰাজ্য নংখলৰ ছিয়েম অর্থাৎ ৰজা তীৰত সিং।

ইয়াণ্ডাবু সন্ধিৰ যােগেদি অসম বৃটিছৰ হাতলৈ যােৱাৰ পাছত উত্তৰ-পূব সীমান্তৰ গৱৰ্ণৰ জেলেৰেলৰ এজেন্ট হিচাপে কাম কৰি থকা ডেভিদ স্কটে ব্রহ্মপুত্র উপত্যকাৰ মূল প্রশাসকৰ দায়িত্ব লাভ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰিয়েই অসমক খাছিয়া পাহাৰৰ মাজেদি ছিলেট জিলাৰ (বর্তমান বাংলাদেশ) স’তে সংযােগ কৰি নিজৰ প্রভুত্ব বিস্তাৰৰ পৰিকল্পনা কৰে স্কটে। ডেভিদ স্কটে তীৰত সিঙলৈ এখন

ৰাজকীয় দোলা আৰু আন উপহাৰ সামগ্রী পঠিয়াই এখন চুক্তি সম্পন্ন কৰে। বৃটিছে তীৰত সিঙৰ পৰা নংখলত এটা বঙলা সজাৰ আৰু গুৱাহাটী-ছিলেট সংযােগ ৰক্ষাকাৰী এটা পথ নির্মাণৰ অনুমতি আদায় কৰে। বৃটিছসকলে তীৰত সিঙক জনাইছিল যে তেওঁৰ ৰাজ্যত নির্মাণ হ’বলগা সেই বৃটিছ বঙলাটোত অক্ষম সৈনিকসকলক ৰখা হ’ব।

অচিৰেই বৃটিছ বঙলা আৰু নংখলৰ মাজেদি গুৱাহাটী-ছিলেট সংযােগকাৰী পথটো সম্পূর্ণ হৈ উঠিল। তাৰ পাছতহে দেখা গ’ল যে খাছিয়াসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি সেই পথটোৱেদি বৃটিছ সৈন্যই যেতিয়াই ইচ্ছা তেতিয়াই অহা-যােৱা কৰিবলৈ ধৰিছে। তদুপৰি ইমানখিনি সুবিধা দিয়াৰ পাছতাে খাছিয়াৰ ওপৰত জাপি দিয়া হৈছে কৰৰ বােজা। খাছিয়া ৰজা তীৰত সিঙে দৰবাৰ পাতি গােটেই পৰিস্থিতিটো গুৰুত্ব সহকাৰে বিবেচনা কৰি বুজি উঠিল যে প্ৰকাৰান্তৰে বৃটিছে খাছিয়া পাহাৰ দখল কৰাৰ ষড়যন্ত্র কৰিছে। লগে লগে খাছিয়াসকলে বৃটিছক প্ৰতিৰােধ কৰিবলৈ ককালত টঙালি বান্ধিলে।

১৮২৯ চনৰ ৪ এপ্রিলত তীৰত সিঙৰ নেতৃত্বত খাছিয়াসকলে অতর্কিতে আক্রমণ কৰি দুজন বৃটিছ বিষয়া লেফটেনেন্ট বেডিং ফিল্ড আৰু বালটন প্ৰমুখ্যে ৬০ জন চিপাহীক হত্যা কৰে। সিমানতাে ক্ষান্ত নহৈ নংখলত থকা বৃটিছ বঙলাটোও পুৰি ছাৰখাৰ কৰে বিদ্রোহীসকলে। তীৰত সিঙৰ বিদ্রোহাচৰণত খঙত একো নাই হৈ বৃটিছ সেনা খাছিয়া পাহাৰত প্রৱেশ কৰিলে। খাছিয়াসকলেও মাৰ বান্ধি সেই আক্ৰমণৰ মুখামুখি হ’ল। কিন্তু আধুনিক অস্ত্র-শস্ত্ৰৰে সজ্জিত, উন্নত সামৰিক প্রশিক্ষণপ্রাপ্ত বৃটিছ সেনাৰ ওচৰত তিষ্ঠিব নােৱাৰিলে তীৰত সিঙৰ খাছিয়া সৈন্য। ১৮৩০ চনত এই সংগ্ৰামৰ অন্ত পেলাবলৈ বাধ্য হ’ল স্বাধীনতাপ্রেমী খাছিয়াসকল। অৱশ্যে দুর্গম পৰ্বতৰ মাজত লুকাই থাকি কিছুদিন গৰিলা যুদ্ধও চলাইছিল তীৰত সিঙে। কিন্তু অৱশেষত ব্যর্থ হ’ল। ১৮৩৩ চনত তীৰত সিঙে আত্মসমর্পণ কৰিবলৈ বাধ্য হ’ল। তাৰ পাছৰ বছৰেই অর্থাৎ ১৮৩৪ চনৰ ২৯ মার্চত ঢাকাৰ জেলত এই সাহসী খাছিয়া বীৰজনে মৃত্যুক সাৱটি লয়।

Reference

  1. Asomar Swadhinata Sangrami by Hemanta Kumar Bharali
  2. Nobel Bata Bijaye Bharatiya by Bipul Kr. Dihinga
  3. Frenz, H. (editor) (1969), Rabindranath Tagore—Biography, Nobel Foundation, r কৰা হৈছে: 2009-11-26
  4. Robinson, A., “Rabindranath Tagore”, Encyclopædia Britannica, r কৰা হৈছে: 2009-11-26
  5. Abhijit Sarma Baruah …..
  6. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *