September 13, 2024

কাৰ দোষত অসম ইংৰাজৰ অধীন হ’ল? Whose fault is it that Assam came under British rule?

কাৰ দোষত অসম ইংৰাজৰ অধীন হ’ল  ?

অসম ৰাজ্যলৈ পৰাধীনতাৰ কলীয়া ডাৱৰ নামি অহা সন্ধিক্ষণৰ মূল ব্যক্তিজইে আছিল চন্দ্রকান্ত সিংহ। এওঁৰ জন্ম ১৭৯৮ চনত। আহােম স্বৰ্গদেৱ কমলেশ্বৰ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ ভায়েক চাৰিঙৰ ৰজা চন্দ্রকান্ত ১২ বছৰতে আহােম ৰাজসিংহাসনত বহিল। এওঁক সিংহাসনত বহুৱায় মহামন্ত্রী পূর্ণানন্দ বুঢ়াগােহাঁয়ে। চন্দ্রকান্তই ভালেমান দিনলৈকে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ ওপৰতে সকলাে ধৰণে নিৰ্ভৰ কৰি ৰাজপাট ভােগ কৰি আছিল। সেই সময়ত ৰজাই সমনীয়াৰ লগত ৰং-ধেমালি কৰিয়েই কটাইছিল।

লাহে লাহে ৰজা ডেকা হ’ল আৰু ক্ষমতা প্রয়ােগেৰে বাল্যবন্ধু সত্ৰামক ৰজাৰ বৰখাটনিয়াৰ হিচাবে নিযুক্তি দিলে। তাৰ পাছত সত্ৰাম ‘চাৰিঙ্গীয়া ফুকন হ’ল। ক্ষমতাৰে বলীয়ান হৈ সত্ৰমে এইবাৰ পূৰ্ণানন্দ সহিতে অন্যান্য পাত্র-মন্ত্ৰীৰ বিৰুদ্ধেও দেখদেখকৈ বিদ্রোহ আচৰণ কৰিবলৈ ললে। ১৮১২ত কলিয়াভােমােৰা বৰফুকনৰ মৃত্যু হােৱাত প্ৰথমতে তেওঁৰ ককায়েকক, পাছত বদনচন্দ্ৰক বৰফুকন পতা হ’ল। …বদনে আগৰে পৰা বিয়ৈ পূর্ণানন্দৰ ক্ষমতা দেখি ঈর্ষাত জ্বলি-পুৰি মৰিছিল। বৰফুকন হৈ দেখদেখকৈ বদনে পূৰ্ণানন্দৰ বিৰুদ্ধাচৰণ কৰি সত্ৰামৰ পক্ষ ল’লে। পূৰ্ণানন্দই উপায় নাপাই ডা-ডাঙৰীয়াক লগত লৈ ৰজাৰ চ’ৰাত বহিলগৈ।

কৈ থােৱা ভাল হ’ব যে বুঢ়াগােহাঁই, বৰগােহাঁই আৰু বৰপাত্ৰগােহাঁই— এই তিনিওজনা ডাঙৰীয়া একে সময়তে ৰজাৰ চ’ৰাত ৰজা ভঙা-পতা বা তেনে ধৰণৰ গুৰুতৰ বিষয়ক আলােচনা কৰিবলৈহে বহে; নহ’লে সাধাৰণতে দুজনতকৈ অধিক ডাঙৰীয়া কেতিয়াও ৰজাৰ চ’ৰাত আলােচনাৰ বাবে নবহে। তিনিওজন মন্ত্রীয়ে সত্ৰামক দোষী সাব্যস্ত কৰিলে। সেই সময়ত সত্ৰমে ৰজাৰ ওচৰতে আশ্ৰয় লৈ আছিল। মন্ত্রীসকলে জোৰকৈ ধৰাত অৱশেষত চন্দ্রকান্তই এটা চৰ্তত সত্ৰামক গতাই দিলে যে তেওঁক প্রাণে মৰা নহ’ব। এইবাৰ এই ডেকা দাম্ভিক যুৱক সত্ৰামক নামৰূপলৈ নির্বাসন দিয়া হ’ল। কিছুদিনৰ পাছতে সত্ৰামক নগাই কাটিলে। সত্ৰামৰ এই বিদ্ৰোহৰ কালতেই গুৱাহাটীত থকা বদন (এওঁৰ জীয়েক পিজৌ গাভৰুক পূৰ্ণানন্দৰ পুত্ৰই বিয়া পাতিছিল) আৰু তেওঁৰ পুতেক কেইজনৰ উৎপাতত ৰাইজ অতিষ্ঠ হৈ পৰিছিল। তেওঁলােকে হাতীক ভাং খুৱাই প্ৰজাৰ মাজত মেলি দি নিজে পাছে পাছে গৈ হাতীয়ে উৎপাত কৰা চাই আনন্দ পাইছিল। হাতীয়ে প্রজাৰ ঘৰ ভাঙিছিল, মানুহক শুৰেৰে দলিয়াই মাৰিছিল।..

বদনৰ স্বেচ্ছাচাৰিতা দেখি গুৱাহাটীৰ পৰা তেওঁক ধৰি আনিবলৈ পূৰ্ণানন্দই মহেশ্বৰ পৰ্বতীয়া ফুকনক পঠিয়ালে। কিন্তু ইতিমধ্যে বুঢ়াগােহাঁইৰ বােৱাৰীয়েক পিজৌ গাভৰুৱে দেউতাক বদনক ধৰি আনিবলৈ মানুহ পঠিওৱাৰ কথা লিখি চিঠি এখন দিলে। চিঠিত জীয়েকৰ পৰা আগন্তুক বিপদৰ সম্ভাৱনা পাই পুতেক দুজনক লগত লৈ বৰফুকন পলাই গ’ল। বদনচন্দ্ৰই কলিকতালৈ গৈ আহােম ৰাজ্যৰ বিৰুদ্ধে যুঁজ কৰিবলৈ ব্রিটিছ গৱৰ্ণৰ জেনেৰেল লর্ড মেয়ােক খাটনি ধৰিলে। কিন্তু সেই সময়ত ব্রিটিছ ৰাজৰ অন্যৰ ৰাজ্য সম্পর্কীয় কার্যত হস্তক্ষেপ নকৰা নীতি’ আছিল। সেইবাবে তেওঁ বদনক সহায় কৰিলে। ঠিক সেই সময়তে কলিকতালৈ ব্রহ্মদেশৰ মান ৰজাৰ কটকী এজন আহিছিল। বদনচন্দ্ৰই কটকীৰ কাষ চাপি তিলকে তাল কৰি অসমৰ দুৰৱস্থাৰ বিষয়ে কৈ সহায় ভিক্ষা কৰিলে। কটকীয়ে বদনক ব্রহ্মদেশলৈ নিলে। তাৰ ৰজাই বদনৰ আবেদন মঞ্জুৰ কৰিলে আৰু লগত কেইবাহেজাৰ সৈন্য দি আহােম ৰাজ্য আক্রমণ কৰিবলৈ পঠিয়ালে।

অজস্র মান সেনাৰ বলেৰে বলীয়ান বদনচন্দ্ৰই ১৮১৬ চনত মুংকুং, হুকুং আৰু মণিপুৰেদি যুদ্ধযাত্রা কৰি নামৰূপত ভৰি দিলে। যুঁজত আহােম সৈন্যক পৰাজিত কৰিলে। সেই সময়তে আহােম ৰাজ্যৰ ত্রাণকর্তা পূৰ্ণানন্দৰাে মৃত্যু ঘটিল। পূৰ্ণানন্দৰ পুতেক ৰুচিনাথে ‘বুঢ়াগােহাঁইৰ বাব লৈ মান সৈন্যক পুনৰ ভেটা দিলে। কিন্তু আকৌ আহােম সৈন্য পৰাজিত হ’ল। ৰুচিনাথে চন্দ্রকান্ত সিংহক গুৱাহাটীলৈ

পলাই যাবৰ বাবে অনুৰােধ কৰিলে। কিন্তু আত্মসন্মান নথকা ৰজা চন্দ্রকান্তই ৰুচিনাথকহে পলাই যাবলৈ উচটাই নিজেই বদন আৰু মান সেনাৰ স’তে সন্ধি কৰিবলৈ তৎপৰ হ’ল।

মান সেনাই ৰাজ্যত অত্যাচাৰ চলালে। বদনে পুনৰ নিজকে ‘বৰফুকন ঘােষণা কৰি ৰাজ্যৰ সকলাে ক্ষমতা হাতলৈ আনিলে আৰু চন্দ্রকান্ত সিংহ মাথাে নামত ৰজা হৈ থাকিল। বদনে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ পৰিয়ালৰ যাকে য’তে পায় হত্যা কৰিলে। মান সৈন্যবাহিনীক বহু টকা-পইচা আৰু অন্যান্য উপঢৌকন দিলে। তাৰ পাছত ১৮১৭ চনৰ এপ্রিল মাহত বয়-বস্তু, টকা-পইচা লৈ ভাৰে-ভেটিয়ে মান সৈন্য ব্ৰহ্মদেশলৈ গুচি গ’ল।

মান উভতি যােৱাৰ পাছত বদন চন্দ্র বৰফুকন একছত্রী সম্রাটত পৰিণত হ’ল। ক্ষমতা বঢ়াৰ লগে লগে বদনৰ অত্যাচাৰৰ মাত্রাও চৰি আহিল। পাত্র-মন্ত্রী, সাধাৰণ প্ৰজাৰ চকুৰ কুটা স্বৰূপ হ’ল বদন। শেহত ৰজা চন্দ্রকান্ত সিংহৰ মাতৃ ৰাজমাও দেউতাই ৰূপসিং নামৰ হিন্দুস্তানী চিপাহী এজনৰ হতুৱাই শৌচ কৰিবলৈ যাওতে দেশদ্রোহী বদনক হত্যা কৰালে।

এইবাৰ লুকাই থকা ৰুচিনাথক ৰাজমাও দেউতাই মাতি পঠিয়ালে। কিন্তু চন্দ্রকান্তক বিশ্বাসত ল’ব নােৱাৰিলে ৰুচিনাথে। সেইবাবে কেইদিনমানৰ পাছতে তেওঁ ৰাজেশ্বৰ সিংহৰ বংশৰ কোঁৱৰ পুৰন্দৰ সিংহক ৰজা পতাৰ ইচ্ছাৰে যােৰহাটলৈ আনিলে। লুকু ডেকা ফুকনক নগৰ গতাই দি চন্দ্রকান্ত পলাল। ডেকাফুকনক পৰাজিত কৰি ৰুচিনাথ বুঢ়াগােহাঁয়ে সকলােৰে পৰা সন্মতি লৈ পুৰন্দৰক যুৱৰাজ আৰু চন্দ্রকান্তক ৰজা পাতিবলৈ মাতি পঠিয়ালে। কিন্তু চন্দ্রকান্তই ৰুচিনাথক বিশ্বাস নকৰিলে, ফলত পুৰন্দৰ সিংহ আহােম ৰাজপাটত উঠিল। পাছত পুৰন্দৰ সিংহৰ মানুহে চন্দ্রকান্তক ধৰি আনি সোকাণখন কাটি দিলে, যাতে অংগক্ষত থকাৰ বাবে তেওঁ আহােম মতে ৰজা হ’ব নােৱাৰে।

ৰাজপাট হেৰুওৱা চন্দ্রকান্তই বদনচন্দ্ৰৰ ফলীয়া কিছুমান মানুহক পুনৰ ব্রহ্মদেশলৈ পঠিয়ালে। সেই মানুহে বদনচন্দ্ৰৰ অপমৃত্যু আৰু ৰাজ্যৰ দুৰৱস্থাৰ বিষয়ে ব্রহ্মদেশৰ ৰজাক জনালে। মান ৰজাই প্রায় ত্রিছ হেজাৰ সৈন্যৰে সৈতে আহােম ৰাজ্য আক্রমণ কৰিবলৈ ১৮১৯ চনত আলামিঙ্গি নামৰ সেনাপতি এজনক পঠিয়ালে। যুদ্ধত আহােম সৈন্য পৰাজিত হােৱাত পুৰন্দৰ সিংহক লৈ ৰুচিনাথ সপৰিয়ালে গুৱাহাটীলৈ পলাই গ’ল। তাৰ পাছত মান সৈন্যই পুনৰ চন্দ্ৰকান্তক তলতীয়া ৰজা পাতিলে।

চন্দ্রকান্তই পুতলা ৰজা হৈ সকলাে ক্ষমতা দিলে মান সেনাৰ ওপৰত। মানে বহুতৰ ওপৰত তীব্র আতিশয্য চলালে। পুৰন্দৰ সিংহক বিচাৰি উলিয়াবলৈ মানুহে পঠিয়ালে। পুৰৰ পলাই গ’ল ৰংপুৰলৈ। তেওঁ আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক সহায়ৰ বাবে আৱেদন জনালে। কোম্পানীয়ে যদি সৈন্য দিয়ে তেন্তে সেইসকলৰ বেতনৰ পৰা আৰম্ভ কৰি যাৱতীয় খৰচ বহন কৰিব বুলি পুৰন্দৰে গাত ল’লে। তদুপৰি সিংহাসন পুনৰুদ্ধাৰ কৰাৰ বাবে কোম্পানীক বছৰি তেওঁ তিনি লাখ টকা দিবলৈকো সংকল্পবদ্ধ হ’ল। পাছত বুঢ়াগােহাঁয়েও কলিকতালৈ গৈ অসমত হস্তক্ষেপ চলাবলৈ অনুৰােধ কৰিলে। কিন্তু ব্রিটিছ গৱৰ্ণৰ জেনেৰেলে বাৰে বাৰে ক’লে যে অন্যৰ ৰাজ্যত হস্তক্ষেপ কৰাটো ব্রিটিছৰ নীতি নহয়।

মান সেনাই পটল নামৰ এজন কছাৰী লােকক বৰবৰুৱাৰ পদ দিছিল। কিন্তু কিবা কাৰণত পটলৰ লগত মতান্তৰ হােৱাত মান সেনাই তেওঁক প্রাণদণ্ড দিলে। এই কথাত ৰজা চন্দ্রকান্তয়াে বৰ ভয় খালে। মান সেনাৰ ওপৰত তেওঁৰ বিশ্বাস লাহে লাহে কপূৰৰ দৰে উৰি যাবলৈ ধৰিলে। শংকিত হৈ ৰজা চন্দ্রকান্তই ৰাজধানী এৰি পলাই গ’ল। শেষত তেওঁ গুৱাহাটী হৈ ব্রিটিছ অধিকৃত অঞ্চলত প্রৱেশ কৰিলে। মান সেনাই চন্দ্রকান্তক আনিবলৈ মানুহ পঠিয়ালে। কিন্তু তেওঁ মান্তি নােহােৱাত যােগেশ্বৰ নামৰ কোঁৱৰ এজনক আহােম ৰাজসিংহাসনত বহুৱালে। মাথাে বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজত মােৱামৰীয়াই বসবাস কৰা ঠাইখিনিৰ বাহিৰে সমগ্র আহােম ৰাজ্য মানে অধিগ্রহণ কৰিলে। লাহে লাহে খাদ্যবস্তুৰ নাটনি হ’বলৈ ধৰাত মান সৈন্য বিভিন্ন ভাগত বিভক্ত হৈ খাদ্য সংগ্রহত লাগিল। সেই সুযােগতে চন্দ্রকান্তই মানক আক্রমণ কৰিলে। কিন্তু পৰাজিত হৈ পলাই যাব লগা হ’ল চন্দ্রকান্ত।

তাৰ পাছত চন্দ্রকান্ত সিংহই প্রায় দুহেজাৰ শিখ, হিন্দুস্তানী আৰু স্থানীয় লােকেৰে সৈন্যবাহিনী গঠন কৰি মানৰ বিৰুদ্ধে যুদ্ধ কৰি আহােম ৰাজ্যৰ পশ্চিম অঞ্চলটো হস্তগত কৰিলে। পুৰন্দৰ সিংহয়াে ভূটান অধিকৃত দুৱাৰ অঞ্চলত সৈন্য সংগ্ৰহৰ কামত লাগিল। এই ক্ষেত্ৰত ৰবাৰ্ট বুছ নামৰ এজন ইংৰাজে তেওঁক সহায় কৰিলে। ১৮২১ চনৰ মে’ মাহত পুৰন্দৰ সিংহ সৈন্য-সামন্তৰে সৈতে পশ্চিম অঞ্চলত সােমাব বিচাৰােতেই চন্দ্রকান্ত সিংহৰ বাহিনীয়ে তেওঁলােকক পৰাস্ত কৰিলে। কিন্তু সেই বছৰৰে ছেপ্টেম্বৰ মাহত মান সৈন্যই পুনৰ চন্দ্রকান্তক আক্রমণ কৰাত তিষ্ঠিব নােৱাৰি চন্দ্ৰকান্ত পলাইগ’ল। অৱশ্যে গােৱালপাৰাত তেওঁ পুনৰ সৈন্য আৰু অস্ত্র সংগ্রহৰ কামত লাগিল আৰু ১৮২২ চনৰ জানুৱাৰী মাহত মান সৈন্যক পৰাজিত কৰি গুৱাহাটী পুনৰুদ্ধাৰ কৰিলে। কিন্তু তাৰ তিনি মাহৰ পাছতেই মিঙ্গিমাহা তিলােৱাৰ নেতৃত্বত মান সেনাই অসমত প্ৰৱেশ কৰে আৰু জুন মাহত মিঙ্গিমাহাই চন্দ্রকান্ত সিংহৰ বাহিনীক পৰাজিত কৰে।

এইবাৰ অসমত মানৰ উৎপাত দুগুণে চৰি গ’ল। অসমীয়া মানুহৰ ওপৰত মানৰ এই অত্যাচাৰ অসমৰ ইতিহাসৰ আন কোনাে দুর্ভাগ্যজনক ঘটনাৰ সৈতে তুলনা নহয়। মানে এইবাৰ সমগ্ৰ অসম অধিকাৰ কৰি ব্ৰহ্মদেশৰ সৈতে চামিল কৰিবলৈ (১৮২৩চন) কাছাৰ আক্ৰমণ কৰিলে। ব্রিটিছে কাছাৰ আক্ৰমণ নকৰিবলৈ মানক সকীয়াইছিল। কিন্তু প্রতাপ বাঢ়ি যােৱাত তেওঁলােকে এইবাৰ ব্রিটিছৰ গাতাে হাত দিলে। চট্টগ্রামৰ ওচৰত ইংৰাজৰ দখলৰ শ্বাহপুৰ অঞ্চল মান সৈন্যই হস্তগত কৰাৰ পাছত ইংৰাজ শাসক গৰজি উঠিল। মান সেনাপতি মিঙ্গিমাহা তিলােৱাই সেই সময়ত ইৰাৱতী নৈৰ পাৰৰ দনাবু নগৰত কোঠ সাজি সসৈন্যে বাস কৰিছিল। ব্রিটিছ গৱৰ্ণৰ জেনেৰেল লর্ড আর্মহাষ্ট্রে ১৮২৪ চনত মানৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিলে আৰু ছাৰ আছিব’ল্ড কেম্বেলক সেনাপতিৰ দায়িত্ব দিলে। নির্যাতিত অসমীয়া প্রজায়াে ইংৰাজক সহায় কৰিলে। বহুদিন ধৰি যুদ্ধ চলিল। মাথাে দুহেজাৰ ইংৰাজ সৈন্যই ওঠৰ হেজাৰ মানসেনাক পৰাস্ত কৰি খেদি নিয়ে আৰু ইয়াণ্ডাবু নামেৰে ঠাইডােখৰত মান ৰজাই ইংৰাজলৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়।

১৮২৬ৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি সম্পন্ন হয়। এই সন্ধিৰ ফলত মানৰ হাতৰ পৰা ইংৰাজে আৰক্কান, মাৰ্টাবান, টেনাছৰিম আৰু অসম দেশ লয়। এই সন্ধিপত্ৰত আমাৰ অসম দেশৰ সম্পর্কে এনেদৰে লিখা আছিল— “Article II– His majesty the King of Ava renounces all claims upon,- and will abstain from all future interference with ; the principality of Assam, and its dependencies, and also with the contiguous petty states of Cachar and Jyantia-…” ইয়াৰ লগে লগেই অসমত তিনি বছৰ ১০ মাহ ১৯ দিন ধৰি চলা মানৰ উৎপাতৰে অন্ত পৰে আৰু অসম দেশ ইংৰাজৰ হাতলৈ যায়। অৱশ্যে ১৮৩৩ চনৰ পহিলা বহাগত পুৰন্দৰ সিংহক ব্রিটিছসকলে উজনি অসম (পুৰণি শিৱসাগৰ আৰু লক্ষীমপুৰ জিলা)ৰ ৰজা পাতে আৰু বছৰি ইংৰাজক ৫০ হেজাৰ টকা কৰ হিচাপে দিবলৈ কয়। শেহত কৰ দিব নােৱৰাৰ অজুহাতত ১৮৩৮ চনত ইংৰাজে উজনি অসমৰ সম্পূর্ণ কর্তৃত্ব নিজৰ হাতলৈ নিয়ে।

বদন, চন্দ্রকান্ত আৰু পুৰন্দৰৰ ভয়ংকৰ স্বাৰ্থপৰতা, দুর্বলতা আৰু জনগণৰ প্রতি দায়িত্বহীনতাৰ বাবেই চাওলুং চুকাফাই গঢ়ি তােলা বিশাল আহােম ৰাজ্যৰ পতন ঘটিল। নিজৰ মাজৰ কাজিয়া নিজেই নিষ্পত্তি নকৰি, বাহিৰৰ মান আনি বদনে

কুলাঙ্গাৰ হিচাপে যুগলৈ খ্যাতি ৰাখিলে। মাথাে কেইজনমান মানুহৰ আত্মস্বার্থ সর্বস্বতাই কেনেকৈ এখন শক্তিশালী আৰু স্বাধীন ৰাজ্য নিমিষতে ভাঙি পেলায়, ১৮১০ চনৰ পৰা ১৮২৬ চনলৈ অসমত ঘটা ঘটনাবােৰ তাৰেই প্রমাণ।

ইয়াণ্ডাবু সন্ধিৰ পাছতেই আমি ইংৰাজ বাহাদুৰৰ বহতীয়া হৈ পৰিলাে। লাহে লাহে বগা চাহাবৰ বিৰুদ্ধে জাগি উঠিল অসমীয়া। বিভিন্ন ধৰণৰ কৌশল তথা শক্তি খটুৱাই ইংৰাজক এই দেশৰ পৰা খেদি পঠিয়াব বিচাৰিলে। লাহে লাহে আর্য সভ্যতাৰ ঐতিহ্য বহনকাৰী, মঙ্গোলীয়, দ্রাবিড়, মােগল-পাঠান সকলােৱে ভাৰতীয় জাতীয়তাবাদৰ মঞ্চত একগােট হ’ল আৰু মহাত্মা গান্ধীয়ে মহান গৌতম বুদ্ধৰ ‘সত্যৰ সদায় জয়’, ‘অহিংসাই পৰম ধর্ম’ আদি বাণী আওৰাই এই বৃহৎ আন্দোলনৰ নেতৃত্ব দিলে। শেহত দীঘলীয়া স্বাধীনতা সংগ্ৰামৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰি নিজৰ ভাগ্য নিজে গঢ়াৰ অধিকাৰ আমি পালাে।

এই সুদীর্ঘ স্বাধীনতা সংগ্রামৰ সময়ছােৱাত যিসকল লােকে নিজৰ সকলাে হেৰুৱাই, আনকি প্রাণকো তুচ্ছ কৰি দেশমাতৃৰ সেৱা আগবঢ়ালে সেই সকল অসমীয়াৰ জীৱন কাহিনীৰে এইখন গ্রন্থ সমৃদ্ধ কৰা হৈছে। আমাৰ লক্ষ্য হৈছে দেশে লাভ কৰা স্বাধীনতা— ভাৰতীয় নাগৰিকৰ আজিৰ সুখ-শান্তি, উন্নতিসমৃদ্ধিৰ বাবে যিসকলে জীৱন-পণ কৰি মহৎ বৰঙণি আগবঢ়াই গ’ল, সেইসকলৰ জীৱন-সংগ্ৰামৰ কাহিনী নতুন পুৰুষৰ ওচৰত তুলি ধৰা— যাতে আজিৰ প্রজন্মই সেই ঘটনাবহুল ইতিহাসৰ কথা হৃদয়ঙ্গম কৰি নিজ দেশৰ প্ৰতি থকা দায়বদ্ধতাকর্তব্যৰ বিষয়ে অনুভব কৰিব পাৰে। নৱ প্ৰজন্মই আমাৰ এই গ্রন্থখন আদৰি ললে পৰম সুখী হ’ম—

হেমন্ত কুমাৰ ভৰালী

References

  1. Asomar Swadhinata Sangrami by Hemanta Kumar Bharali
  2. Frenz, H. (editor) (1969), Rabindranath Tagore—Biography, Nobel Foundation, r কৰা হৈছে: 2009-11-26
  3. Robinson, A., “Rabindranath Tagore”, Encyclopædia Britannica, r কৰা হৈছে: 2009-11-26
  4. Abhijit Sarma Baruah …..
  5. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *